Breaking

মুকালমুৱাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত দুই সহস্ৰাধিকৰ বিজেপিত যোগদান…

0 13

মুকালমুৱাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত দুই সহস্ৰাধিকৰ বিজেপিত যোগদান।
হুচ থকা কোনো মানুহে কংগ্ৰেছ নকৰে বুলি বিৰোধী ৰাজনৈতিক দলক।

ভাৰতীয় জনতা পাৰ্টীত কোনো ধৰণৰ বংশবাদ নাই।বংশবাদ কেৱলমাত্ৰ কংগ্ৰেছ দলতহে চলে।নৱগঠিত বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত আজি বিজেপি দলত যোগদানৰ উদ্দেশ্যে আয়োজন কৰা বিশাল সভাত এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মুকালমুৱাস্থিত দেশভক্ত ময়দানত অনুষ্ঠিত সভাখনত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিজৰ ভাষনত কয় যে আগন্তুক লোকসভাৰ নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰ দলৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে বহু হাজাৰ ভোটত জয়লাভ কৰিব।বিজেপি দলৰ নলবাৰী জিলা কমিটিৰ সাধাৰণ সম্পাদক

পুলক শৰ্মাই আতধৰা সভাখনত মন্ত্ৰী বৰুৱাই লগতে কয় যে সংখ্যালঘু সংখ্যাগুৰু শব্দদুটা আজিকালি কোনো প্ৰাসংগিক হৈ থকা নাই।সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কতাক্ষ কৰি কয় যে এতিয়া হুচ থকা মানুহে কংগ্ৰেছ পাৰ্টী নকৰে বেহুচ মানুহেহে কংগ্ৰেছ কৰে।
লুৰিনজ্যোতি গগৈ ৰাজনৈতিকভাৱে সৰু লৰা। শিকিব লগীয়া বহুত আছে বুলি কটাক্ষ লুৰিনজ্যোতি গগৈক। সভাৰ আৰম্ভণিতে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে আদৰণি ভাষন দিয়া সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰনৰ অধ্যক্ষ নাৰায়ণ ডেকাই ভাষনত কয় যে বিগত বিধানসভাৰ নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিত আমি মাত্ৰ কেইহাজাৰমান ভোটতহে পৰাজিত হৈছিলো।

নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাচিৰ উদ্দিন আহমেদ,বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ কনক পাঠক, জেষ্ঠ কংগ্ৰেছ কৰ্মী তাৰিক হুছেইন সহ প্ৰায় দুই সহস্ৰাধিক লোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ সহ বিভিন্ন দলৰ সদস্য পদত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান দি দলটোক আৰু অধিক শক্তি বৃদ্ধি কৰিলে বুলি প্ৰাক্তন বিধায়ক ডেকাই ভাষনত কয়।

Leave A Reply