Breaking

মিৰ্জাত প্ৰাক্তন ছাত্র নেতা, মণ্ডল কংগ্ৰেছৰ সভাপতি অৰ্ধ শতাধিকৰ অগপত যোগদান। অসমত অগপৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব : কমলা কলিতা

0 40

মিৰ্জা, ২৭ নৱেম্বৰ:  অসমত অসম গণ পৰিষদৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব । আজি পলাশবাৰীৰ মিৰ্জাৰ সমীপৱৰ্তী কোছপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাতপাৰা ৰাইজৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত অগপৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই ভাষণ প্ৰসংগত এইদৰে কয়। বৰ্তমান খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ভৰ অধ্যক্ষ ডা কলিতাই লগতে কয় যে পলাশবাৰী অগপৰ দুৰ্গ আছিল। কিন্তু দলটোৰ প্ৰতি দুৰ্বলতা আহিল, বিগত সময়চোৱাত দুই এক নেতৃত্বই নিজৰ ব্যক্তিগত ধৰণে  দলটোক ব্যৱহাৰ কৰা বাবে । কিন্তু দলীয় সমৰ্থকসকলে এতিয়াও সবল নেতৃত্বৰ আস্থা লাভৰ অপেক্ষাত ৰৈ আছে। সম্প্ৰতি গাঁঁৱে গাঁৱে সভা সমিতিত অংশগ্ৰহণ কৰোঁতে অগপৰ জন্মলগ্নৰ পৰা আবেগিকভাৱে জড়িত হৈ থকা বহু জ্যেষ্ঠ ব্যক্তিক লগ পাই এই কথা বুজিব পাৰিছোঁ বুলি দলীয় সমৰ্থক তথা আজি নতুনকৈ যোগদান কৰিবলৈ অহা আঞ্চলিকতাবাদী ৰাইজক উদ্দেশ্যি তেওঁ অবগত কৰে। এই যোগদান কাৰ্যসূচীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সভাপতি মদন দাস, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক তথা উক্ত সচেতন মঞ্চৰ সম্পাদক ধৰ্মেন্দ্ৰ কলিতাসহ  অৰ্ধ শতাধিক পুৰুষ মহিলা আৰু নতুন প্ৰজন্মৰ ছাত্র ছাত্ৰী, সাতপখলি তেজপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি টংকেশ্বৰ দাস, বিজেপিৰ সাপৰটাৰি‌ আঞ্চলিকৰ সভাপতি কুশল দাসে আজি আনুষ্ঠানিকভাৱে অগপৰ সদস্য ভৰ্তি হৈ দলীয় গলপতা লৈ  অগপ দলত যোগদান কৰে।‌ দলত নতুনকৈ যোগদান কৰা সকলোকে উষ্ম আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে দলীয় নেতৃত্বই। পলাশবাৰী অগপ বিধান পৰিষদৰ সম্পাদক যমুনা দৈমাৰিয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানৰ আঁত ধৰে কামৰূপ জিলা অগপৰ সভাপতি আদিত্য ৰাভাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অগপৰ পলাশবাৰী বিধান পৰিষদৰ উপ সভাপতি শ্ৰীকান্ত চৌধুৰী, সম্পাদক পৰাগ দাস, যমুনা দৈমাৰি,  পলাশবাৰী যুৱ পৰিষদৰ সভাপতি দিলীপ দাস, সম্পাদক ৰুক্মিণী কুমাৰ দাস, ছাত্র পৰিষদৰ সভাপতি জোন গোস্বামী আদিয়ে ।

Leave A Reply