Breaking

জাঁজী নৈৰ পাৰ ঔগুৰিত দুই শতাধিক নাচনী ঢুলীয়াই প্ৰস্তুতি চলাইছে ৰঙালীক আদৰাৰ…

0 16

চাওতে চাওতে হেঁপাহৰ ৰঙালী আহি পদুলিমুখ পালেহি। ঢোল পেঁপাৰ মাতে চৌদিশ ৰজনজনাইছে। সকলো ব্যস্ত আপোন বিহুটিক আদৰিবলৈ। টীয়কৰ ঔগুৰি খেলপথাৰত বিগত বছৰৰ দৰে এইবাৰো ঔগুৰি যুৱ সমাজৰ উদ্যোগত ১০ দিনীয়াকৈ বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। জাঁজী নদীৰ পাৰৰ অতিকৈ ভিতৰুৱা এই ঔগুৰিৰ উঠি অহা প্ৰজন্মই যাতে অসমীয়া কৃষ্টি সংস্কৃতি শুদ্ধ ৰূপত আয়ত্ব কৰিব পাৰে তাৰ উদ্দেশ্যেৰে এইদৰে হাজাৰ বাধা বিঘিনি নেওচি এইসকল যুৱকে অহৰহ চেষ্টা চলাই আহিছে। অতিকৈ গুৰুত্বপূৰ্ণ এই যে যুৱকসকলৰ এই প্ৰচেষ্টাৰ প্ৰতি সহাৰি জনাই এইবাৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰি সমগ্ৰ পৰিবেশ জীপাল কৰি তুলিছে।

বিহু সংস্কৃতিৰ সাধক – বিচাৰক দিগন্ত শইকীয়া , দৰং বিহুৱতী দিপাঞ্জলী মুন ডেকা , ৰাজ্য চৰকাৰৰ গ্ৰীনিজ বুক অৱ ৰেকৰ্ডৰ বিহুৱা বিনোদ বৰ্ষৰ লগতে কেইবাগৰাকীও বিশিষ্ট বিহু নাচৰ অভিজ্ঞ প্ৰশিক্ষকে এই কৰ্মশালাত পাঠদান কৰিছে আৰু বৰ্তমান বিহু নাচ,ঢোলৰ চাপৰ,সাজপাৰ,বিহুনাম আদিকে ধৰি বিভিন্ন দিশসমূহ শুদ্ধ ৰূপত উপস্থাপনৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।

Leave A Reply