Breaking

চিত্ৰনাট্যকাৰ, অভিনেতা তথা লেখক হেমেন দাসৰ বিয়োগত মৰিগাঁও জিলা প্ৰশাসনৰ শোক প্ৰকাশ…

0 48

অসমৰ এগৰাকী আগশাৰীৰ মঞ্চ আৰু চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু লেখক মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মগ্ৰহণ কৰা তথা গুৱাহাটীৰ বাসিন্দা হেমেন দাসৰ বিয়োগত মৰিগাঁও জিলা প্ৰশাসনে গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে বহুমুখী প্ৰতিভাসম্পন্ন আৰু সকলোৰে মাজত অতিকৈ প্ৰিয় দাসে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ মৃত্যু কেৱল মৰিগাঁও জিলাৰ বাবেই নহয় সমগ্ৰ অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবেই অপুৰণীয় ক্ষতি। তেওঁ প্ৰয়াত দাসৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে আজি উচ্চ ৰক্তচাপজনিত কাৰণত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতৰ দেহাৱসান হয়। অসম চৰকাৰৰ শিল্পী পেঞ্চন আৰু বিভিন্ন বঁটা বাহনেৰে পুৰস্কৃত দাসে নিৰ্মাণ কৰা প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘যুঁজ’-এ ১৯৯০ চনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত-কমল বঁটা লাভ কৰিছিল। ইয়াৰ পিছতেই তেওঁ ১৯৯৩ চনত ‘গৰখীয়া’ আৰু ২০১৭ চনত ‘মৃগনাভি’ শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি বিপুল সমাদৰ লাভ কৰিছিল।

Leave A Reply