Breaking

মাতৃ অনুষ্কা পুত্ৰ সন্তানৰ কাষৰত, কন্যা সন্তানক লৈ ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ পিতৃ বিৰাট কোহলিৰ…

0 3,743

লণ্ডনত পুত্ৰ অকয়ক জন্ম দিলে অনুষ্কা শৰ্মাই। বিৰাট-অনুষ্কা বৰ্তমান লণ্ডনত। বিৰাটে কন্যা ভামিকাক লৈ ৰেষ্টুৰেণ্ট দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে। শেহতীয়াকৈ লণ্ডনৰ পৰা বিৰাট কোহলী আৰু ভামিকাৰ এই ছবিখন প্ৰকাশ পাইছে। অনুষ্কা শৰ্মাই অকয়ৰ যত্ন লোৱাৰ বিপৰীতে বিৰাটে কন্যা ভামিকাক সম্পূৰ্ণ যত্ন লৈছে। মানুহে পিতৃ-কন্যাৰ বণ্ডিং বৰ ভাল পায় আৰু এতিয়া দুয়োকে একেলগে দেখি অনুৰাগীসকল অতি সুখী হৈ পৰিছে। ভামিকাক দেখি মানুহে কৈছে যে ইমান সোনকালে ডাঙৰ হৈছে ভামিকা।

ভাইৰেল হোৱা ফটোখনত বিৰাট আৰু ভামিকাই ৰেষ্টুৰেণ্টত বহি খাদ্য খাই আছে। দুয়োজনে পিন্ধিছে ক’লা ৰঙৰ সাজ-পোছাক। এই ফটোখনত অনুৰাগীসকলে বহুত মন্তব্য কৰিছে। এজনে লিখিছে- ৰাজকুমাৰীৰ সৈতে ৰজা। আনহাতে আন এজনে লিখিছে – ভামিকা আৰু বিৰাট কোহলীৰ সুন্দৰ ফটো।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অনুষ্কা শৰ্মাক শেষবাৰৰ বাবে শ্বাহৰুখ খানৰ সৈতে জিৰ’ ছবিত দেখা গৈছিল। এই ছবিখনৰ পিছত তেওঁ অভিনয়ৰ পৰা বিৰতি লৈছিল। তাৰ পিছতহে অনুষ্কাই কন্যা ভামিকাক জন্ম দিলে। জিৰ’ৰ পিছত অনুষ্কাই কামবেক কৰিব পৰা নাই। শীঘ্ৰে মুক্তি পাবলৈ গৈ আছে তেওঁৰ ছবি চকদা এক্সপ্ৰেছ। এইখন এখন বায়’পিক।


Leave A Reply