Breaking

মাতৃত্ব লাভ কৰাই যেন কাল হ’ল গহপুৰৰ কমনা টিমচিনাৰ! প্ৰয়োজন আপোনাৰ সহায়…

0 93

মাতৃত্ব লাভ কৰাই যেন কাল হ’ল গহপুৰৰ এগৰাকী মাতৃৰ বাবে। উল্লেখ্য যে যোৱা ১৭ অক্টোবৰত গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত চিজাৰিয়ান পদ্ধতিৰে কন্যা সন্তান জন্ম দিয়াৰ পাছতে কাল অমানিশা নামি আহিল কমনা টিমচিনা নামৰ মহিলা গৰাকীৰ। গহপুৰৰ হাতীবন্ধিয়াৰ নিৱাসী নাৰায়ন টিমচিনাৰ পত্নী কামনা টিমচিনাই কন্যা সন্তানটি জন্ম দিয়াৰ পাছতেই অসুস্থ হৈ পৰে। কামনাৰ অসুস্থতা গুৰুত্বৰ হোৱা দেখি প্ৰথমতে গহপুৰ তাৰ পাছত তেজপুৰ আৰু অৱশেষত গুৱাহাটীলৈ নিব লগা হয়। গুৱাহটীৰ এপলো হস্তিতালত পৰীক্ষা-নীৰিক্ষা কৰাৰ অন্তত চিকিৎসকে কামনাৰ কিদনি বিকল হোৱা বুলি জানিব দিয়ে। এনে হৃদয় বিদাৰক খবৰ শুনি কামনাৰ স্বামী নাৰায়ণ তিমচিনৰ মুৰত সৰগ ভাগি পৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।

আৰ্থিক ভাবে দুৰ্বল নাৰায়ণে নিজা ববীয়া প্ৰচেষ্টা আৰু গাঁৱৰ ৰাইজৰ সহযোগিতা পত্নীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও উন্নত চিকিৎসাৰ বাবে অধিক অৰ্থৰ প্ৰয়োজন হৈছে। দুৰ্ভগীয়া স্বামী নাৰায়নক কোনো সদাশয় লোকে সহযোগিতা আগবঢ়াব বিছাৰিলে 8402096180 নম্বৰত যোগাযোগ অথবা গুগল পে কৰিব পাৰিব। নম্বৰটোৰ লগতে কিউয়াৰ কোড দিয়া হৈছে নাৰায়ণ টিমচিনাৰ। আপোনাৰ কিছু সহায়ে এগৰাকী মাতৃক জীৱন দান দিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব।

Leave A Reply

Your email address will not be published.