Breaking

ছিপাঝাৰত মটৰচাইকেল আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ ! থিতাতে নিহত মটৰচাইকেল আৰোহী…

0 83

ছিপাৰত পথ দুৰ্ঘটনা। নিহত এজন

ছিপাঝাৰত ভয়ানক পথ দুৰ্ঘটনা। মটৰচাইকেল আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত মটৰচাইকেল আৰোহী। ছিপাঝাৰৰ গণেশকুঁৱৰীত এই দুৰ্ঘটনা।


দুমুনিচকীৰ পৰা কুৰুৱাৰ দিশত আহি আছিল AS25 AC 5449 নম্বৰৰ বাছখন। বিপৰীত দিশেৰে AS 01 AN 8372 নম্বৰৰ এখন মটৰ চাইকেলে খুন্দা মাৰে বাছখনত। মটৰ চাইকেলত আছিল দুজন লোক।


নিহত লোকজন ধানবাৰী চাপৰিৰ জহৰুদ্দিন আলী। আনহাতে গুৰুতৰ ভাৱে আহত আনজন আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পুৱা ৫–৩০ বজাত সংঘটিত হয় উক্ত দুৰ্ঘটনা।

Leave A Reply