Breaking

বন্ধন বেংক আৰু মহিন্দ্ৰা এন্ড মহিন্দ্ৰাৰ মাজত আকৰ্ষণীয় বাণিজ্যিক বাহন আৰু সঁজুলিৰ বাবে বিত্তীয় সমাধান প্ৰদানৰ বাবে বুজাবুজি চুক্তি…

0 49

দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বেংক বন্ধন বেংকে নিজৰ বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ বাবে গ্ৰাহকসকলক সুবিধাজনক বিত্তীয় সমাধান আগবঢ়াবলৈ দেশৰ আগশাৰীৰ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাৰ অধীনত বন্ধন বেংকে সমগ্ৰ বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলি পৰ্টফলিঅ’ত বিত্তীয় সাহায্য প্ৰদান কৰিব আৰু গ্ৰাহকসকলে বেংকৰ বিশাল নেটৱৰ্ক আৰু বিশেষভাৱে প্ৰস্তুত কৰা সহজ পৰিশোধ পৰিকল্পনাৰ জৰিয়তে লাভৱান হ’ব।
এই পদক্ষেপৰ কথা প্ৰকাশ কৰি বন্ধন বেংকৰ কনজিউমাৰ লেণ্ডিং এণ্ড মৰ্গেজ বিভাগৰ মুৰব্বী সন্তোষ নায়াৰে কয় যে, “বন্ধন বেংকে এমএণ্ডএমৰ সৈতে অংশীদাৰিত্ব কৰি অবিৰত বাহন বিত্তীয় সমাধান(ভেহিকল ফাইনেঞ্চিং চল্যুচন) আগবঢ়াই আনন্দিত হৈছে। এই সহযোগিতা বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ গ্ৰাহকৰ বৈচিত্ৰ্যপূৰ্ণ আৰ্থিক প্ৰয়োজনীয়তাসমূহ সেৱা আগবঢ়োৱাৰ প্ৰতি আমাৰ সমৰ্পণ আকৌ এবাৰ প্ৰতিফলিত কৰিব। আমি নিশ্চিত যে দুয়োটা প্ৰতিষ্ঠানে একেলগে প্ৰসাৰ আৰু বাণিজ্যিক বাহন খণ্ডৰ ব্যৱসায়ৰ বৃদ্ধিত সহায় কৰিবলৈ নিৰ্দিষ্ট বিত্তীয় বিকল্প প্ৰদান কৰিবলৈ সক্ষম কৰি তুলিব।” এই অংশীদাৰিত্বৰ বিষয়ে মন্তব্য কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ বাণিজ্যিক বাহনৰ ব্যৱসায়িক মুৰব্বী জালাল গুপ্তাই কয় যে, “এই অংশীদাৰিত্বই আমাক আমাৰ গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ বিত্তীয় সমাধান প্ৰদান কৰাত সহায় কৰিব আৰু প্ৰয়োজনীয় উৎসাহ আৰু আত্মবিশ্বাস প্ৰদান কৰিব, যাৰ জৰিয়তে সমৃদ্ধিশালী হোৱাৰ সুযোগ বৃদ্ধি হ’ব। এই চুক্তিয়ে এমচিই আৰু বন্ধন বেংক দুয়োটো প্ৰতিষ্ঠানকে বিশাল নেটৱৰ্কৰ অন্তৰ্নিহিত শক্তিৰ ওপৰত লাভ আদায় কৰিবলৈ সক্ষম কৰিব।”

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই বাণিজ্যিক বাহন আৰু বাণিজ্যিক সঁজুলিৰ এক বিস্তৃত পৰিসৰ আগবঢ়ায়। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত মহিন্দ্ৰাৰ সামগ্ৰী ৩.৫ টনৰ পৰা ৫৫ টন ৰেঞ্জলৈকে আগবঢ়ায়, যাৰ ভিতৰত আছে LCV, ICVআৰু HCV। অৱশ্যে, বাণিজ্যিক সঁজুলিৰ স্থানত মহিন্দ্ৰাই বেক-হো লোডাৰ আৰু মটৰ গ্ৰেডাৰ বিক্ৰী কৰে। মহিন্দ্ৰা হৈছে ৪০% তকৈ অধিক বিকাশ হাৰেৰে দ্ৰুতগতিত বিকশিত অ’ইএমবোৰৰ ভিতৰত অন্যতম আৰু ৫০০ৰো অধিক টাচ্চপইণ্টৰ নেটৱৰ্কৰ সৈতে বিক্ৰীৰ পিছৰ সেৱা দ্ৰুতগতিত সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে। বন্ধন বেংক হৈছে নতুন যুগৰ বৰ্তমান সময়ৰ ব্যক্তিগত খণ্ডৰ বেংক, যিয়ে দায়বদ্ধ সামগ্ৰীৰ লগতে গৃহ ঋণ, যাত্ৰী আৰু বাণিজ্যিক বাহন ঋণ, ব্যক্তিগত ঋণৰ দৰে ৰিটেইল সম্পদ সামগ্ৰীৰ ওপৰত সবাতোকৈ প্ৰতিযোগিতামূলক সুতৰ হাৰ প্ৰদান কৰি আহিছে। বন্ধন বেংক ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৫খনতে সম্প্ৰসাৰণ কৰিছে নিজৰ ব্যৱসায় আৰু বৰ্তমান ৬,২৫০তকৈ অধিক বেংক আউটলেটৰ জৰিয়তে ভাৰতৰ ৩.২৫ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াইছে।

Leave A Reply