Breaking

বিহালী মাজগাঁৱৰ সাংস্কৃতিক কৰ্মী দূৰ্গা প্ৰসাদ মিশ্ৰৰ মৃত্যুত শোক…

0 1,037

বিহালীৰ মাজগাওঁ নিবাসী বৰ্ষীয়ান সাংস্কৃতিক কৰ্মী দূৰ্গা প্ৰসাদ মিশ্ৰৰ ২৮ মাৰ্চ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। তেখেতে উত্তৰাঞ্চল অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ কেজুৱেল শিল্পী হিচাপে নেপালী নাটক, সাধুকথা, গল্প পাঠ আদি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ১৯৬১ চনৰ পৰা ৭১ চনৰ ভিতৰত আনুষ্ঠানিক ভাৱে যোগাসন আৰু শাস্ত্ৰ অধ্যয়ন কৰিছিল। ১৯৬৯ চনতে গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দূৰ্গা প্ৰসাদ মিশ্ৰই অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। বিষেশকৈ সেই সময়ৰ অঞ্চলটোৰ অন্যতম ধৰ্মীয় অনুষ্ঠান গাংমৌথান শ্ৰী সত্য সাই সেৱা সমিতিৰ সম্পাদক আছিল।

বৰ্তমান বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্য। ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীৰ মৃত্যুত বিহালী আৰু বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন,মাজগাওঁ হৰিমন্দিৰ পৰিচালনা সমিতি, কাত্যায়নী অধ্যয়ন গোষ্ঠী,গাংমৌথান মহিলা কীৰ্তন মণ্ডলীকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নী, দুগৰাকী পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী,জোৱাই আৰু নাতি নাতিনীক এৰি থৈ যায়।

Leave A Reply