Breaking

ধৰ্মপ্ৰাণা মহিলা কিৰণ দাসৰ মৃত্যুত হাজোত শোক…

0 1,029

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মহাদেৱটোলা নিৱাসী অৱসৰী প্ৰধান শিক্ষক প্ৰয়াত কুমুদ চন্দ্ৰ দাসৰ পত্নী,সমাজ সেৱিকা তথা ধৰ্মপ্ৰাণা মহিলা কিৰণ দাসৰ কালি নিশা নিজ বাস গৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ।জানিব পৰা মতে,প্ৰয়াত কিৰণ দাস অঞ্চলটোৰ সকলো সামাজিক তথা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান, মহিলা সমিতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল।তেও অতি অমায়িক, মৰমিয়াল আৰু সকলোৰে লগত সহজতে মিলিব পাৰিছিল।

সৰবৰহী মহিলা কিৰণ দাসৰ মৃত্যুত হাজো ৰাইজ সমিতি, হাজো আঞ্চলিক ছাত্ৰ সন্থা, অসম নাট্য সন্মিলন হাজো শাখা,হাজো মণিকূট সাহিত্য সমাজ, হাজো পঞ্চতীৰ্থ শংকৰদেৱ শিশু বিদ্যা নিকেতন পৰিচালনা সমিতি, হাজো ৰঙালী বিহু সন্মিলনীকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। মৃত্যুৰ সময়ত তিনি পুত্ৰ- বোৱাৰী, দুগৰাকী জী-জোৱাই, নাতি- নাতিনী সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি যায়।

Leave A Reply