Breaking

ধৰ্মপ্ৰাণ মহিলা ফুলবানু বেগমৰ মৃত্যুত শোক

0 2,276

কামৰূপ জিলাৰ পাতিদৰং মৌজাৰ মহিপালকুচি নিবাসী ধৰ্মপ্ৰাণা মহিলা মিচেছ ফুলবানু বেগমৰ মংগলবাৰে বিয়লি ২-৫০ বজাত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭৫ বছৰ হৈছিল ৷ তেখেত কেইবাদিন ধৰি অসুস্থ অৱস্থাত আছিল ৷ মৃত্যুৰ সময়ত তেওঁ   এজন পুত্ৰ, দুজনী বিবাহিত জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ তেখেত এগৰাকী সহজ সৰল অন্তৰৰ সকলোৰে প্ৰতি মৰম থকা মহিলা আছিল ৷ তেখেতৰ জানাজা নামাজ আজি পুৱা ৯-০০ বজাত সম্পন্ন কৰা হয় ৷ জানাজা নামাজত ইমামতি কৰে পাথৰিঘাট ২নং জামে মছজিদৰ পেচ ইমাম মৌলানা ইব্ৰাহিম আলী ক্বাদিৰীয়ে৷ দফনৰ পিছত দুআ’ সম্পন্ন কৰে বিশিষ্ট লেখক, কবি, সামাজিক বিশ্লেষক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে৷ উল্লেখ্য যে এই অঞ্চলৰ লোকসকল   আহলে ছুন্নত ৱাল জামাআতৰ অনুগামী হয় যদিও অঞ্চলটোত ছুন্নীয়তৰ নিয়মসমূহ যথাযথভাৱে পালন কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ বিশেষ কোনো আলিম, ফাজিল নোহোৱাত অন্য ফিৰকাৰ আলিমসকলে প্ৰভাৱ বিস্তাৰ কৰি আছিল ৷ সেয়ে এই সম্পৰ্কে বৰ্তমান ছুন্নীয়তৰ বিশেষ প্ৰচাৰক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীৰ সৈতে যোগাযোগ কৰি  অঞ্চলটোৰ ৰাইজে ছুন্নীয়তক পুনৰ জিন্দা কৰাৰ কাৰ্যব্যৱস্থা হাতত লয় আৰু আজি মৰহুমা ফুলবানু বেগমৰ জানাজা নামাজৰ মাধ্যমেৰে ছুন্নীয়তৰ এটি নিয়ম জানাজা নামাজ সম্পন্ন কৰাৰ পিছৰ দোৱা কৰণৰ দ্বাৰা ইয়াক আৰম্ভ কৰা হয়৷ তেখেতৰ মৃত্যুত ৰাজা ফাউণ্ডেশ্যন,অসম, মহিপালকুচি জামে মছজিদ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।

Leave A Reply