Breaking

হিন্দু ছোৱালীকলৈ সাংসদ বদৰুদ্দিন আজমলৰ অশালীন মন্তব্য

0 72

‘ ১৮ বছৰত বিয়া হ’ব লাগে, তেতিয়া খেতিৰ বাবে মাটি উৰ্বৰা হৈ থাকে’
হিন্দু ছোৱালীকলৈ সাংসদ বদৰুদ্দিন আজমলে কৰিছে অশালীন মন্তব্য। সাংসদগৰাকীৰ মন্তব্যই এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


অসমৰ সাংসদ বদৰুদ্দিন আজমলে আজি কয় যে হিন্দুসকলে জনসংখ্যা বৃদ্ধিৰ মুছলমান সূত্ৰ অনুসৰণ কৰি ১৮-২০ বছৰ বয়সত ছোৱালীৰ বিয়া দিব লাগিব। আজমলে কয় যে হিন্দুসকলৰ এটা সমস্যা আছে – সেয়া হৈছে তেওঁলোকৰ জনসংখ্যা মুছলমানসকলৰ দৰে বৃদ্ধি হোৱা নাই। আজমলে কয় , “হিন্দুসকলে সঠিক বয়সত বিয়া নকৰে, তেওঁলোকে ২-৩গৰাকীৰ লগত সম্পৰ্ক ৰাখে, কিন্তু তেওঁলোকে বিয়া নকৰে। তেওঁলোকে ৪০ বছৰ বয়সত বিয়া কৰে, সেয়াও পৰিয়ালৰ চাপত, মোক কওঁক – তেওঁলোকে কেনেদৰে প্ৰজনন কৰিব?”
তেওঁ লগতে কয় “আমাৰ সমাজত, ছোৱালীবোৰে ১৮ বছৰ বয়স হোৱাৰ লগে লগে বিবাহ পাশত আৱদ্ধ হয়। ভাৰত চৰকাৰে ইয়াৰ বাবে অনুমতি দিয়ে। ল’ৰাবোৰে ২২ বছৰ বয়স হোৱাৰ লগে লগে বিবাহপাশত আৱদ্ধ হয়। সেইকাৰণে আমাৰ জনসংখ্যা বৃদ্ধি পাইছে” ।

গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনা লাভ জেহাদৰ প্ৰসংগত অলপ দেৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে মুখ্যমন্ত্ৰীৰ লগতে বিবাহ বিষয়ত অন্য ধৰ্মক কটাক্ষ কৰে।তেওঁ কয়- ”আমাৰ ল’ৰাই ২১ বছৰত বিয়া পাতে, ছোৱালীয়ে ১৮ বছৰত বিয়া পাতে, সিহঁতে ৪০ বছৰলৈকে ১, ২, ৩গৰাকী অবৈধ পত্নী ৰাখে। সন্তান জন্ম হ’বলৈ নিদিয়ে, ৪০ বছৰৰ পিছত পিতৃ-মাতৃয়ে হেঁচা দিলে নতুবা ফচি গ’লে বিয়া পাতে। ৪০ বছৰৰ পিছত সন্তান জন্ম কেনেকৈ হ’ব? মুছলমানৰ নিচিনাকৈ ২১, ১৮ বছৰত বিয়া পাতক।”

আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লাভ জেহাদ কৰিবলৈ আহ্বান জনাই তেওঁ ৩-৪গৰাকীকৈ মুছলমান ছোৱালীক বিবাহ কৰিবলৈ আহ্বান জনায়। এনে কৰিলে তেওঁ মিঠাই খুৱাব বুলিও তৰল মন্তব্য কৰে। আজমলে কয়- ” ৪-৫জনী মুছলমান ছোৱালী বিয়া পাতিক। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পিছতে আপোনাৰ স্থান, আপোনাৰ ক্ষমতাৰ ব্যৱহাৰ কৰক, ৰৈ আছে কিয়?” এনে প্ৰসংগত আজমলে ব্যৱহাৰ কৰা কিছু ভাষ্যই অশ্লীলতাকো স্পৰ্শ কৰে। হিন্দু যুৱক, মুখ্যমন্ত্ৰীক অপমান কৰিবলৈ গৈ সাংসদ তথা মৌলনাৰ দৰে উচ্চ আসন স্পৰ্শ কৰা আজমলে মুছলমান নাৰী সমাজৰ আত্মসন্মানতো আঘাত হানে।

অসমত এতিয়া একাংশ নেতাৰ অসমখন জ্বলাই ৰখাই লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। আৰক্ষীৰ দুৰ্বল ভুমিকা তথা আইনৰ সুৰুঙাৰে সৰকি গৈ এইচামে নিজৰ স্বাৰ্থ পূৰণৰ বাবে বলিয়াৰ দৰে কৰ্মকাণ্ড কৰি ফুৰিছে। এগৰাকী মুখ্যমন্ত্ৰীৰ লগতে হিন্দু সম্প্ৰদায়ৰ যুবক -যুবতীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব।

Leave A Reply