Breaking

ওদালগুৰিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এম পি দিলীপ শইকীয়া

0 2,045

অসমৰ ইতিহাসত ৯  অক্টোবৰ একেলগে ৪০খন জিলাত বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত হৈছে।আৰম্ভণীতে ৰাজ্যিক সভাপতিয়ে সকলো লৈ শুভেচ্ছামূলক বক্তব্য আগবঢ়াইছে।এয়াই হৈছে ডিজিতেল মাধ্যমেৰে ৰাইজৰ উন্নয়নৰ বিকাশ সাধন কৰা বিজেপিৰ উদ্দেশ্যে।এই মন্তব্য সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ। ৯অক্টোবৰত  ওদালগুৰিৰ পৌৰ সভাৰ প্ৰক্ষাগৃহত অনুষ্ঠিত জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সাংবাদিকে হোৱা বাৰ্তালাপত কয়- মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে সামগ্ৰ ৰাজ্যখনৰে উন্নয়ন সম্ভৱ হৈ উঠিছে।আগতে ৰাইজৰ চৰকাৰ ৰাইজৰ পদূলিত এক শ্লোগান আছিল ।এতিয়া ৰাইজে চৰকাৰৰ পদূলিলৈ আহিব নালাগে।চৰকাৰ ৰাইজৰ পদূলিত উপস্থিত হৈ উন্নয়নত গুৰুত্ব দি আহিছে।বাস্তৱত প্ৰিন্সত হৈছে।ডিজিটেলৰ অনলাইন মাধ্যমেৰে ।দুখীয়া খিলঞ্জীয়া সকলোৰে উন্নয়ন সহজ হৈ পৰিছে।বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয়-ইউপিপিএলৰ সৈতে মিত্ৰতা সদায় আছে আৰু থাকিব। কিন্তু  বিপিএফৰে বিজেপিৰ কোনো আলোচনা হোৱা নাই।

জুই জ্বলিলে ধোৱা ওলাব আৰু আমি এতিয়া ধোৱা দেখা নাই।বিপিএফক লৈ কোনো চৰ্চাও চলা নাই।এই ক্ষেত্ৰত ৰাজ্যিক নেতৃবৃন্দই সিদ্ধান্ত গ্ৰহণ কৰিব ।অসমৰ মুখ্যমন্ত্ৰী য়ে আগন্তুক দিনত কৰণীয় কি সকলো কৰ্মকৰ্তাকে বুজাই দিছে আৰু সমন্বয়ৰ জৰিয়তেহে সামগ্ৰিক উন্নয়ন সম্ভৱ বুলি উল্লেখ কৰে।আগন্তুক সময়ত উপ নিৰ্বাচন,পৌৰসভা নিৰ্বাচন আদিত বিপুল ভোটেৰে কেনেকৈ জয়ী হব পাৰি এই সম্পৰ্কতো দলীয় কৰ্ম কৰ্তা সকলক সচেতন হ’বলৈ আহ্বান জনায়।৯অক্টোবৰত  এই দলীয় কাৰ্যনিৰ্বাহক সভাত জিলা সভাপতি সুনীল বসুমতাৰী,ৰাজ্যিক সদস্য কাৰ্তিক বড়ো, এমচিএল এ, সঞ্জীত তাঁতী, শান্তিয়াছ কুজুৰ, এম চিএল এই দীপক মৌৰ,জিলা প্ৰভাৰী তথা ৰাষ্ট্ৰীয় কিমান মৰ্চাৰ উপ সভাপতি।প্ৰান কুমাৰ দাস,জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা,বীৰদাও বসুমতাৰী , ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য সকল, জিলা মৰ্চাৰ সভাপতি সকল, ১১ টা মণ্ডলৰ সভাপতি সকলৰ আদিকে ধৰি ভালেমান কাৰ্যকৰ্তা উপস্থিত আছিল৷

Leave A Reply