Breaking

খৈৰাবাৰীত ৭৫ টা মহিলা আত্মসহায়ক গোটক চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

0 51

বি টি চি চৰকাৰৰ উদ্যোগত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে ৰূপায়ন কৰা ‘মাইনাও চৌৰাং বিথাংখি ‘ আঁচনিৰ অধীনত খৈৰাবাৰীত ৭৫ টি মহিলা আত্মসহায়ক গোটক এককালীন সাহাৰ্য হিচাপে ২৫ হেজাৰকৈ টকাৰ চেক বিতৰণ কৰে।

খৈৰাবাৰীৰ মহিৰঙ্গ ভৱনত খগেন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন পৰিষদীয় সমষ্টিৰ এম চি এল এ ভবেন্দ্ৰ চন্দ্ৰ বড়োৱে উদ্বোধন কৰে।

সভাখনত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আদিয়ে আঁচনিখনৰ উদ্দেশ্য ৰাইজক অৱগত কৰে।

সাংসদ গৰাকীয়ে উক্ত আঁচনি খনৰ সফল প্ৰয়োগে সমাজৰ দুৰ্বল শ্ৰেণীৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে। সভাত কেবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।

-দ্বীপেন ডেকা, নামখলা

Leave A Reply