Breaking

এইবাৰ হিন্দীত প্ৰেছক্ৰিপ্‌চন্ লিখি চৰ্চালৈ আহিল মধ্য প্ৰদেশৰ চিকিৎসক ডা. সৰ্ভেশ সিং

0 22

হিন্দীত MBBS প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম মুকলি কৰাৰ পাছতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছিল যে চিকিৎসক সকলেও সম্ভৱত ওপৰত শ্ৰী হৰি বুলি লিখি নিজৰ প্ৰেচক্ৰিপছনখন লিখা আৰম্ভ কৰিব পাৰে।
মধ্য প্ৰদেশৰ চতনা জিলাৰ এগৰাকী চৰকাৰী চিকিৎসকে একেদিনাই লগে লগে সেই কাম আৰম্ভ কৰি দিছিল।

মধ্য প্ৰদেশৰ চতনা জিলাৰ কোটাৰ গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা: সৰ্ভেশ সিঙে লিখা হিন্দী প্ৰেছক্ৰিপ্‌চন্ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভোপালত হিন্দী এমবিবিএছ পাঠ্যপুথি মুকলি কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাসে। তাতে ৰসিকতা কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছিল যে ডাক্তৰে নিজৰ প্ৰেছক্ৰিপ্‌চনখনৰ ওপৰত Rxৰ ঠাইত ‘শ্ৰীহৰি’ বুলি লিখিব পাৰে।

উল্লেখনীয় যে ডাক্তৰৰ প্ৰেছক্ৰিপ্‌চনত লিখা Rx শব্দটি হৈছে লেটিন শব্দ। যাৰ অৰ্থ ‘গ্ৰহন কৰা’ বা ‘লোৱা’। ১৩ শতিকাত ইয়াক ক্ৰিয়াপদ হিচাপে আৰু পাছত বিংশ শতিকাত ইয়াক বিশেষ্য হিচাপে ব্যৱহাৰ কৰাৰ প্ৰথমা আৰম্ভ হৈছিল।

২০১৭চনত এমবিবিএছ পাছ কৰা ডাক্তৰ সৰ্ভেশ সিঙে কয় যে পাঠ্যক্ৰম মুকলি অনুষ্ঠানটি তেওঁ চাই আছিল আৰু তেতিয়াই তেওঁ সেই সিদ্ধান্ত লৈছিল। কাজেই ৰশ্মি সিং নামৰ ৰোগী গৰাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ পেটৰ ৰোগ দেখুৱাবলৈ আহোতে তেওঁ ‘শ্ৰীহৰি’ বুলি ওপৰত লিখি তেওঁৰ ঔষধৰ তালিকাখন হিন্দীত লিখা আৰম্ভ কৰিছিল। আৰু তেওঁ লিখা হিন্দী প্ৰেছক্ৰিপ্‌চন্ এইদৰে টুইটাৰত শ্বেয়াৰ হৈছিল।

Leave A Reply