দেৰগাঁৱত সাংসদ গৌৰৱ গগৈৰ ৩৯ সংখ্যক জন্মদিন উদযাপন

দেৰগাঁৱৰ পৰিদৰ্শন বাংলাৰ প্ৰাংগণত ৪ চেপ্তেম্বৰত খুমটাই যুৱ কংগ্ৰেছৰ উদ্যোগত সাংসদ গৌৰৱ গগৈৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰা কৰা হয়। এই উপলক্ষে গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি তথা সমাজপ্ৰান অতুল গোস্বামীয়ে কেক কাটি গৌৰৱ গগৈৰ হৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰে। গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুঙে এই অনুষ্ঠানতে গৌৰৱ গগৈয়ে ৰাইজৰ হকে কৰা কামৰ খাতিয়ান দাঙি ধৰি আগন্তুক কেইবাটাও আচনিৰ বিষয়ে অৱগত কৰি তেখেতৰ ভৱিষ্যত ৰাজনীতি জীৱনৰ সফলতা কামনা কৰে। অনুষ্ঠানত গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি অৰুন বৰা, গোলাঘাট নৰ্থ ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি লাচিত বৰা, জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত দাস, খুমটাই যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চত্ৰজিত পেগু, ইক্ৰৰাম হুছেইন, গোলাঘাট নৰ্থ ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মমিতা বৰা, দেৰগাঁও সমষ্টিৰ সমন্বয়ক জয় কৃষ্ণ বৰুৱাকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

Related Articles