সৰভোগৰ খুদনাবাৰী পথাৰত সাংসদ নৱ কুমাৰ শৰণীয়া

ৰপেটা জিলা বগৰীগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত খুদনাবাৰী পথাৰ খুদনাবাৰী হাইস্কুলৰ মাটিত অমৃত ছৰোবৰ আঁচনিৰ অধীনত ৮ বিঘা মাটিত পুখুৰী খন্দাৰ বাবে সাংসদ নৱ কুমাৰ শৰণীয়াই উদ্বোধন কৰে ।সাংসদ নৱ কুমাৰ শৰণীয়াক সংগ দিয়ে বগৰীগুৰী গাঁও পঞ্চায়তৰ সভাপতি ফাৰুক আব্দুল্লাহ আহমেদ গোৱৰ্ধনা বিডিঅ প্ৰদীপ কুমাৰ কলিতা জিলা পৰিষদৰ সদস্য সমেজ উদ্দিন আৰু খুদনাবাৰী গাৱঁৰ ৰাইজে খুদনাবাৰী পাথৰত চৰকাৰী মাটি নথকা সুযোগত খুদনাবাৰী হাইস্কুলৰ নামত ৮বিঘা মাটিত অমৃত ছৰোবৰ আঁচনিৰ অধীনত পুখুৰী খন্দাৰ লগতে চাৰিওফালে তামুলগছ ফুলৰ বাগিচা ৰোপণ কৰিব আৰু পৰ্য্যটক সকলে ভ্ৰমণ কৰিব পাৰিব বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে।

ইপিনে নৱ নিযুক্তি চাকৰি কেলেংকাৰী লৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিজেপি চৰকাৰক তীব্ৰ বাক্যৰে সমালোচনা কৰে।জয়া কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ কেলেংকাৰীৰ লৈ যি মন্তব্য দাঙি ধৰিছে তাৰ বিৰুদ্ধে বিচি আই তদন্ত কৰিব লাগে বুলি সাংসদ নৱ কুমাৰ শৰণীয়াই দাবী উথ্থাপন কৰে ।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ প্ৰতিবেদন

Related Articles