Breaking

মোৰাঝাৰ ষ্টেড বেংকৰ শাখা পুনৰ স্থাপনৰ দাবীত সাংসদৰ স্মাৰকপত্ৰ

0 1,327

হোজাইৰ মোৰাঝাৰ অঞ্চল এক কৃষিপ্ৰধান অঞ্চল৷ বহু সমস্যাৰে জৰ্জৰিত অঞ্চলটিৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হল বেংক সমস্যা৷ ভাৰতীয় ষ্টেড বেংকৰ  মোৰাঝাৰ শাখা মোৰাঝাৰত পুনৰ স্থাপন কৰাৰ দাবীত আজি গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰৱন্ধক Chief General Manager (CGM) ক স্মাৰকপত্ৰ প্ৰদান কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে৷ লগতে যমুনামুখ সমষ্টিৰ  যুৱ নেতা ৰেহান উদ্দিন,মোৰাঝাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি বিলাল উদ্দিন আৰু মোৰাঝাৰ ব্যৱসায়ী সন্থাৰ  সম্পাদক শ্বাহনেৱাজ মনজুৰ হুছেইনেও সংগ দিয়ে৷ মহাপ্ৰবন্ধক গৰাকীয়ে অতি কম সময়ৰ ভিতৰত বেংকৰ শাখাটি পুনৰ মোৰাঝাৰত স্থাপন কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰয়োজনত নতুন শাখা প্ৰদান কৰা হব বুলি সাংসদক আশ্বাস প্ৰদান কৰে ৷ সাংসদ গৰাকীয়ে CGM কাৰ্যালয়ত উপস্থিত হৈ  স্মাৰকপত্ৰ খন প্ৰদান কৰাত সাংসদক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটিৰ সচেতন ৰাইজে৷ উল্লেখ যোগ্য যে ১৯৮৬ স্থাপিত হোৱা শাখাটি শেহতীয়া বেংকত সংগঠিত কোটিটকীয়া দুৰ্নীতিৰ বাবে  নীলবাগানত স্থানান্তৰিত হোৱাত গ্ৰাহকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷

Leave A Reply