Mridul Bhuyan: মাতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা, দৰ্শকক হতাশ নকৰি মঞ্চত অভিনয় কৰি গ’ল বিশিষ্ট অভিনেতাগৰাকীয়ে

মাতৃহাৰা হ’ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা৷ নাৰায়ণপুৰৰ ৰঙাজান(Mridul Bhuyan) গাঁৱৰ নিজ বাসগৃহত মৃত্যু কুঞ্জলতা ভূঞাৰ৷ অভিনয়ৰ আগমুহূৰ্তত মাতৃৰ বিয়োগৰ খবৰ পাইছিল অভিনেতাজনে৷ কিন্তু দৰ্শকক হতাশ নকৰি অভিনেতাজনে মঞ্চত কৰি গ’ল অভিনয়৷ অভিনয় সামৰি মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’লে অভিনেতাজনে৷

মঞ্চত অভিনয়ৰ পিছত সংবাদমাধ্যমৰ সন্মুখত ক’লে ‘সহজ-সৰল মা মোৰ কাকো কষ্ট নিদিয়াকৈ গুচি গ’ল। মা আজি ঢুকাল, সেয়া মই মানি ল’ব লাগিব।’ মঞ্চত উঠাৰ আগেয়েই আহিল দুখৰ খ‍বৰটো।

ৰাজধানী থিয়েটাৰ মুখ্য অভিনেতা মৃদুল ভূঞা। সেয়েহে দৰ্শকক হতাশ নকৰি মনত এবুকু দুখ লৈ মঞ্চত কৰি গ’ল অভিনয় কৰি গ’ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই। থিয়েটাৰত অভিনয় কৰিহে মাতৃক সৎকাৰ কৰে বিশিষ্ট অভিনেতা মৃদুল ভূঞাই

Related Articles