Breaking

গোসাইগাঁৱত ৭৬ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলণ কৰে মহকুমাধিপতিৰ ভাৰপ্ৰাপ্ত মৃদুল বড়োৱে…

0 1,651

গোসাইগাঁও মহকুমাৰ গাতে লাগি থকা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত ভাৰতবৰ্ষৰ ৭৬তম স্বাধীনতা দিৱস উপলক্ষে সমুহীয়া জাতীয় পতাকা উত্তোলন কৰে মহকুমাধিপতিৰ ভাৰপ্ৰাপ্ত মৃদুল বড়োয়ে।মহকুমাধিপতি গৰাকীয়ে অসম আৰক্ষী,অসম বেটেলিয়ান আৰক্ষী আৰু স্কুলীয়া ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা পেৰেডৰ বুজ লয়।

পতাকা উত্তোলন কৰি মৃদুল বড়োয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা জনহিতকৰ চৰকাৰী আঁচনি সমুহৰ বিষয়ে ৰাইজৰ আগত মহুমুলীয়া ভাষন দিয়ে। এই অনুষ্ঠানত মহকুমা খনৰ বিভিন্ন ক্ষেত্ৰলৈ পাৰদৰ্শিতা দেখুওৱা এগৰাকীকৈ ব্যাক্তিক পুৰস্কৃত কৰা হয়। অনুষ্ঠানটিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বাৰে বৰণীয়া বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক গীত-নৃত্য অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া নৱনিতা শৰ্মাৰ লগতে আৰক্ষী সকল উপস্থিত হৈ জাকজমকেৰে স্বাধীনতা দিৱস পালন কৰে।

Leave A Reply