Breaking

ওৰাঙৰ ধনশ্ৰীঘাটত মৃত্যুঞ্জয় ১০৮ সেৱাৰ শুভাৰম্ভ

0 2,043

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ধনশ্ৰীঘাটত  আজি ৬ছেপ্তম্বৰ তাৰিখে নতুনকৈ মৃত্যুঞ্জয়  ১০৮ এম্বুলেন্স  সেৱা  শুভাৰম্ভনি  কৰা হয় ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন মিছন অসমৰ সৌজন্যত  নতুনকৈ লাভ এখন ট্ৰেভেলাৰ টাইপৰ ১০৮এম্বুলেঞ্চ সেৱা  বৃহত্তৰ  ধনশ্ৰীঘাট অঞ্চলত ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গিত কৰে ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োবে৷ ৰৌতা আৰু ওৰাং,মাজবাট আদি অঞ্চলত ১০৮ আছিল যদিও বৃহত্তৰ ধনশ্ৰীঘাট অঞ্চল সমুহৰ ৰাইজে ১০৮ৰ পৰা অতি সোনকালে যোগাযোগৰ পৰা  বঞ্চিত হৈ আহিছিল ৷গতিকে ধনশ্ৰীঘাট ৰাইজৰ বিপুল দাবীৰ প্ৰতি সহাৰি জনাই  ধনশ্ৰীঘাটৰ লগতে নিকটবৰ্ত্তী ২০ খন মান গাওঁৰ  সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি  ১০৮ এম্বুলেন্স সেৱা প্ৰদান কৰা হয় ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰীতিৰেখা  শইকীয়া,জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লক্ষন কুমাৰ বড়ো, ,গোপী চাংমা,জেলচন হায়নাৰী,পলিনা বসুমতাৰী,আশা কৰ্মী-মিনতি ডেকা,ৰুনু বৈশ্য,কল্পনা দেৱী,ৰেনুকা দেবী আৰু ধনশ্ৰীঘাটৰ অগ্ৰণী নাগৰিক  টংকেশ্বৰ গৌতম,যতীন বৰুৱা,শৰৎ বৰুৱা,হেমন্ত কুমাৰ সূত্ৰধাৰ,বিষ্ণু ঠাকুৰীয়া,ৰঞ্জিত কুমাৰ শৰ্মা,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নব কুমাৰ ডেকা,জ্যেষ্ঠ সাংবাদিক তৰুণ ডেকা আদিয়ে উপস্থিত থাকি সহায় সহযোগিতা কৰে ৷ ধনশ্ৰীঘাটৰ পুৰণি উপস্বাস্থ্য কেন্দ্ৰটো মেৰামতি কৰি ১০৮সেৱাৰ কৰ্মচাৰীৰ ব্যৱস্থাপনা  কৰি দিয়ে বিধায়ক গৰাকীয়ে ৷বিধায়ক চৰণ বড়ো ,ওদালগুৰি জিলা ১০৮ সেৱা  কাৰ্য্যবাহী বিষয়া ইকবাল হুছেইন,ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  বিপিএম পংকজ সভাপণ্ডিতৰ উদ্যোগত   ধনশ্ৰীঘাটত ১০৮ সেৱা প্ৰদান কৰা কাৰ্য্যত  ৰাইজ সন্তুুষ্টি প্ৰকাশ কৰিছে ৷

Leave A Reply