Breaking

প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত এইদৰে দেখা গ’ল মুকেশ আম্বানী আৰু শ্বাহৰুখ খানক…

0 112

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৯০০০ অতিথিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ কিছু ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অতিথি তালিকাত দেশৰ বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানী, গৌতম আদানী, অভিনেতা শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰকো অন্তৰ্ভুক্ত কৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোডীৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ কিছু ফটো ছচিয়েল মিডিয়া প্লেটফৰ্মত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। আচলতে শপত গ্ৰহণ অনুষ্ঠানলৈ অহা মুকেশ আম্বানী আৰু শ্বাহৰুখ খানক অ’ আৰ এছ খোৱা দেখা গৈছিল। শপত গ্ৰহণ অনুষ্ঠানত ভিআইপি অতিথিৰ ভিতৰত আছিল কোটিপতি মুকেশ আম্বানী আৰু শ্বাহৰুখ খান। এই ফটোখন ভাইৰেল হোৱাৰ পিছত বহুতে ইয়াৰ শলাগ লৈছে। আনহাতে কিছুমানে কৈছে যে যোৱা মাহতহে শ্বাহৰুখ খান হিট ষ্ট্ৰ’কৰ বলি হৈছিল। গতিকে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “মইও আজি একেটা অ’আৰএছ খালোঁ।”

ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি ভৱনত উপস্থিত আছিল মেগাষ্টাৰ ৰজনীকান্ত, অনুপম খেৰ, অনিল কাপুৰ, ৰবীনা টণ্ডন, বিক্ৰান্ত মেছি আৰু ৰাজকুমাৰ হিৰানী আন আন চেলিব্ৰিটি।আনহাতে মুকেশ আম্বানী আৰু শ্বাহৰুখ খানে অ’ আৰ এছ খোৱা ফটো খন প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানৰ হয় নে নহয় সেয়া ৰহস্য আৱৰ্তত।

Leave A Reply