Breaking

সেউজমুখী মহিলা সমিতি আৰু যুৱ সংঘৰ উদ্যোগত মুকুলি বিহু প্ৰতিযোগীতা

0 1,137

সেউজমুখী মহিলা সমিতি আৰু যুৱ সংঘৰ উদ্যোগত মুকুলি বিহু প্ৰতিযোগীতা।ৰাংছালীৰ কাছকটাত মুকলি বিহু তলিৰ প্ৰতিযোগীতাত অসমৰ জনপ্ৰিয় অভিনেত্রা-অভিনেত্রী।বিহু মেলাত দেখা গ’ল অসমৰ জনপ্ৰিয় অভিনেত্রী প্ৰস্তুতি পৰাশৰ , জনপ্ৰিয় অভিনেত্রা অৰুপ বৈশ্য আৰু জনপ্ৰিয় গীতিকাৰ , কণ্ঠশিল্পী অজয় ফুকনক।বিহু তলিত অসমৰ জনপ্ৰিয় অভিনেত্রা-অভিনেত্রীক পায় শ শ দৰ্শকে ল’লে এখনি চেল্ফি।ৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য,বিহালী সমষ্টিৰ ৰাংছালী কাছকটা গাঁৱতো সেউজমুখী মহিলা সমিতি আৰু যুৱ সংঘৰ উদ্যোগত কাছকটাৰ খেলপথাৰত উদযাপন কৰিলে অষ্টম বাৰ্ষিক মুকলি বিহু মেলা প্ৰতিযোগীতাখন ।য’ত উপস্থিত হ’ল অহা ৬মে’ত অসমৰ চবি গৃহত শুভ মুক্তি পাব লগা এখন অসমীয়া কথাছবি “গংগা এখনি বোৱতী হিয়া” ৰ টিম ।

নায়িকা প্ৰস্তুতি পৰাশৰ ,জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্য,শিশু শিল্পীদ্বয় সৃষ্টি ৰয় আৰু অভিলেখা ডেকা। শিল্পী সকলে কাছকটা বিহু মেলাখনত প্ৰমোচনৰ সময়ত” গংগা এখনি বোৱতী হিয়া “কথাছবি খনৰ সংলাপ পৰিবেশন কৰি কথাছবিখন উপভোগ কৰাৰ লগতে অসমীয়া কথাছবি উপভোগ কৰি অসমীয়া উদ্যোগক আগুৱাই নিবলৈ আহ্বান জনায় । ইফালে বিহুমেলাখনত প্ৰিয় অভিনেত্রা-অভিনেত্রী সকল পাই একপি চেল্ফি ল’লে শ শ দৰ্শকে । আনহাতে বিহু তলিত অজস্ৰ বিহু প্ৰেমি ৰাইজৰ সমাগম দেখা লগতে বিহুগীতৰ চন্দ , ঢোল , পেপা , গগনাৰ সুৰীয়া মুৰ্চনাই জিপাল কৰি তুলিছিল সমগ্ৰ ৰাংছালী কাছকটা ।

Leave A Reply