Breaking

মুকুন্দ থিয়েটাৰ… অতীত আৰু বৰ্তমান ।

0 521

ভুপেশ খাটনিয়াৰ

নলবাৰী জিলাৰ মাখিবাহা গাওঁৰ এখন সাংস্কৃতিক প্ৰেমী পৰিয়াল | হয় মই মুকুন্দ থিয়েটাৰৰ পৰিয়ালটোৰ কথাকে কব খুজিছো | ১৯৭২ চনতে জন্ম গ্ৰহন কৰিছিল সাংস্কৃতিক গণ মাধ্যমৰ অন্যতম বাহক এই ভ্ৰাম্যমাণ নাট্য দলটি | অসমৰ সংস্কৃতিৰ পথাৰখনত অনবদ্য অৰিহনাই আছে এই ভ্ৰাম্যমাণ নাট্য দলটিৰ |  কেবল মাথোঁ মাখিবাহা ,টিহু বা নলবাৰী জিলাৰে ভ্ৰাম্যমান নাট্যগোষ্ঠী নাছিল অসমৰ সাংস্কৃতিক জগতৰ এটা  উজ্বল সাংস্কৃতিক নক্ষত্ৰ আছিল ৷ অসমৰ মানুহৰ বাবে ই আছিল এটা গৌৰৱোজ্বল অনুষ্ঠান য’ৰ পৰা শ শ অভিনেতা -অভিনেএী ,নৃত্য কৰা ল’ৰা -ছোৱালী অভিনয় কৰা ক্ষেএখনত সুবিধা পাইছিল  ৷মাখিবাহাৰ অধ্যাপকপাৰা স্হিত এই ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠীটোৱে ১৯৭২ইং চনত জন্মগ্ৰহণ কৰিছিল আৰু প্ৰথমে নাম আছিল ’মকুন্দ অপেৰা’   ,১৯৭৩ ইং চনৰ জুলাই মাহত পূৰ্ণ আত্মপ্ৰকাশ কৰে বুলি প্ৰযোজক ঁ অতুল ভট্টাচাৰ্য দেৱে ৰূপালী জয়ন্তি বৰ্ষৰ পএিকাত উল্লেখ কৰি গৈছে ৷ নাট্যকাৰ উগ্ৰমেনা ,অবতাৰ সিং,হেম ভট্ট ,ভবেন বৰুৱা ,মুনিন বৰুৱা ,মহেন্দ্ৰ বৰঠাকুৰ,সেবাব্ৰত বৰুৱা ,মহেশ কলিতা ,হেমন্ত দও ,ৰন্জ্ঞু হাজৰিকা ,আব্দুল মজিদ আদিৰ নাট্যকাৰ পৰিচালকৰ নাটকে মকুন্দ থিয়েটাৰ আঁখৰা গৃহ পৰিপূৰ্ণ হৈ আছিল ৷ দীলিপ ৰন্জ্ঞন দও ,জীৱেশ্বৰ ডেকা ,অনুপ হাজৰিকা ,উৎসৱ কলিতা ,ৰন্জ্ঞিৎ মিশ্ৰ ,সুৰেন  ঠাকুৰীয়া ,দ্বিজেন শৰ্মা ,পাকিজা বেগম ,প্ৰীতিৰেখা হুজুৰী ,উপমা লস্কৰ ,মমতা মজুমদাৰ আদিৰ দৰে অনেক অভিনেতা -অভিনেএীৰ দূৰ্দান্ত অভিনয়ে দৰ্শকক পাগল কৰি তুলিছিল ৷এদিনত তিনিটা প্ৰদৰ্শনিলৈ নাটক কৰিব লগা হৈছিল মকুন্দ থিয়েটাৰে ৷বছৰটোৰ এদিনো বিৰতি নহোৱাকৈ বছৰৰ পিছত  বছৰ নাটক কৰিছিল মকু্ন্দ থিয়েটাৰে প্ৰযোজক ঁঅতুল ভট্ৰাচায্যৰ নেতৃত্বত ৷গোটেই অসমৰ এনে এখন ঠাই নাচিল য’ত মকুন্দ থিয়েটাৰ চলা নাছিল দৰ্শকৰ বিপুল সহাঁৰিৰ পিছত  বহুকেইটা পুৰস্কাৰ চৰকাৰৰ ফালৰ পৰাও লাভ কৰিছিল এসময়ত ৷বিশাল সম্পওি ,বিশাল আখঁৰাগৃহ ,অভিনেতা -অভিনেএী তথা অন্যান্য কলা কুশলী সকলে থাকিব পৰা সুসজ্জিত পকী ঘৰ ,দুখনকৈ ট্ৰাক ,বাছ ,টেক্সি ,বিৰাত ডাঙৰ এখন হাৰ্ডৱেৰ দোকান লৈ বিশাল এটা সম্পওিৰ আৱেষ্টনীত আছিল নাট্যগোষ্ঠী মকুন্দ থিয়েটাৰ ৷কিন্তু হঠাৎ থিয়েটাৰ খনলৈ নামি আহিল কাল-ধুমুহা ১৯৯৩ চনত হৃদৰোগত আক্ৰান্ত হৈ প্ৰযোজক অতুল ভট্টাচাৰ্যৰ আকস্মিক বিয়োগত   লগে লগে থিয়েটাৰখনৰ আভ্যন্তৰত দেখা দিয়ে বিভিন্ন সমস্যা ৷আৰ্থিক,বৌদ্ধিক, সাংস্কৃতিক নেতৃত্ব দিব পৰা মানুহৰ অভাৱত মকুন্দ থিয়েটাৰ ক্ৰমান্বয়ে অন্য এটা ফালে গতি কৰিলে  ৷পৰিয়ালৰ সদস্য তথা দুজন পুএ ক্ৰমে মৃগেন ভট্টাচাৰ্য আৰু দেৱানন্দ ভট্টাচাৰ্য ৰ হাতত থিয়েটাৰ চলাবলৈ যি কৌশল বা বুদ্ধিমতাৰ প্ৰয়োজন সেই সময়ত  তেওঁ লোকে আয়ত্ব কৰা নাছিল লগতে নাছিল পৰ্যাপ্ত ধন ,যাৰ ফলত কেইজনমান নেতৃস্থানীয় লোকৰ তত্বাৱধনাত মকুন্দ থিয়েটাৰ ঠন ধৰি উঠিছিল যদিও প্ৰযোজক অতুল ভট্টাচাৰ্যৰ দৰে হয়তো অনুষ্ঠানটো চলাব পৰা নাছিল ,লগতে সাংস্কৃতিক বৌদ্ধিক নেতৃত্ব আৰু অৰ্থৰ অভাৱৰ কাৰণে  মকুন্দ থিয়েটাৰ চিৰদিনৰ বাবে সাংস্কৃতিক পথাৰৰ পৰা ম্লান পৰে ৷

সূৰ্যৰ দৰে জাতিস্মান  ,চন্দ্ৰৰ  পোহৰৰ দৰে সাংস্কৃতিক পোহৰ বিয়পোৱা এই মহান নাট্যগোষ্ঠীটো ১৯৯৮ ইং চনত সময়ৰ গতিত শেষ হৈ যায় ৷তাৰ পিছত পৰিয়ালটোলৈ নামি আহে ঘোৰ অমানিষা দুখ আৰু দৰিদ্ৰতাই হেঁচা মাৰি ধৰে পৰিয়ালটোক ৷সকলো হেৰোৱা বেদনা আৰু টকা পইচাৰ অভাৱে লাহে লাহে পৰিয়ালটো হৈ পৰে তেনে নগন্য ৷ঁঅতুল ভট্টাচাৰ্যৰ ডাঙৰ ল’ৰা মৃগেন ভট্টাচাৰ্য আজি গুৱাহাটীত চিকিউৰিটি গাৰ্ডৰ কাম কৰে ,সৰু ল’ৰা দেবানন্দ ভট্টাচাৰ্য কাম কৰে হোটেলত আৰু  একমাএ ছোৱালী দীপান্জ্ঞলী ভট্টাচাৰ্য গাঁওতে বিয়া হৈছে আৰু  তেখেতৰো অৱস্থা পানীত হাহঁ নচৰা ৷ঘৰবোৰ ভাঙিচিঙি গৈছে ,ভাত ৰান্ধিবলৈ এটা পাকঘৰ নাই ,এসময়ত বেলেগৰ পাকঘৰত চাউল দাইল নহলে নিজে গম পালে ঁঅতুল ভট্টাচাৰ্য দেৱে চাউল দাইল দি মানুহক সহায় কৰিছিল আৰু আজি সেই মানুহজনৰে ল’ৰা -ছোৱালী,বোৱাৰীৰ ভাত ৰান্ধিবলৈ এটা ৰান্ধনী ঘৰ নাই ,থাকিবলৈ এটা ঘৰ নাই ৷উঁৱলি গৈছে ঘৰবোৰ ,টিনপাতবোৰ ফুটি গৈছে চাৰিওফালৰ পৰা ,পানী পৰে ওপৰৰ পৰা দেখাত যদিও ঘৰবোৰ পকী থকাৰ উপযুক্ততা মুঠেও নাই কেতিয়া সেইবোৰ খহি পৰে নিশ্চয়তা নাই ৷আখঁৰাগৃহ দেখিলে যিকোনো সাংষ্কৃতিকবান মানুহৰ চকুপানী ওলাব ইমান সুন্দৰ আদৰ্শ বৈশিষ্ট্য থকা এটা বৃহৎ অনুষ্ঠান আজি শেষ হৈ গৈছে ৷এই পৰিয়ালটোৰ বাবে প্ৰতিটোদিন এতিয়া ধুমুহা ৷বৰষুন আহিলে গোটেই ৰাতি উজাগৰে বহি থাকে ,এসময়ত মাটিত ভৰি নিদিয়া সেই পৰিয়ালটো ,সময়ত ভাত -চাহৰ হাঁহাকাৰ কৰিবলগা হৈছে৷ফটোত দেখাজন মকুন্দ থিয়েটাৰৰ প্ৰয়োজক ঁঅতুল ভট্টাচাৰ্যৰ ডাঙৰ বোৱাৰী ,চাৰিওফালে মোক দেখুৱাই ফুৰাইছে চকুলোমুচি ,আনফালে কিছু সহায় কৰিছে ৰাজেন দাই ৷বুকু কঁপি উঠিব আপোনাৰ ঠাইবোৰ দেখিলে এসময়ত ইয়াতে গোটেই ৰাতিলৈ আঁখৰা হৈছিল ৰজনজনাই আছিল গোটেই অধ্যাপকপাৰা ৷আজি অসমৰ ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ  পৰিয়ালৰ এই অৱস্হা তাত কাম কৰা কলা কুশঁলীসকলোৰ অৱস্হা আৰু কি হ’ব পাৰে এবাৰ ভাবি চাওঁক ! এতিয়া মাথো আপোনালোকৰ সহায়ৰ প্ৰয়োজন আপোনালোকৰ অকনমান সহায় আৰু মৰমে পৰিয়ালটোক কিছু সকাহ প্ৰদান কৰিব| এবাৰ এই বাটেৰে  আহিলে অসমৰ ভ্ৰাম্যমান জগতত খলকনি সৃষ্টি কৰি থকা এই মকুন্দ থিয়েটাৰৰ পৰিয়ালটো কিদৰে আছে খবৰ কৰিবলৈ নাপহৰিব ৷কান্দি উঠিৱ আপোনাৰ মন মগজু …

লিখকৰ ফোন নং- ৯৭০৬১৪৫০৯৯

Leave A Reply