Breaking

মুলমানসকলে “কা” সমৰ্থন কৰা উচিৎঃ সৰ্বভাৰতীয় মুছলিম জামাতে আদৰণি জনালে নাগৰিকত্ব সংশোধনী আইনক…

0 29

মুলমানসকলে “কা” ৰ সমৰ্থন কৰা উচিৎ। এই মন্তব্য সৰ্বভাৰতীয় মুছলিম জামাতৰ মুৰব্বীৰ। সংস্থাটোৱে নাগৰিকত্ব সংশোধনী আইনক আদৰণি জনাইছে। সংগঠনটোৰ সভাপতি মৌলানা শ্বাহবুদ্দিন ৰিজভি বাৰেলভিয়ে কয় যে তেওঁ নাগৰিকত্ব সংশোধনী আইন খনক তেওঁলোকে “স্বাগতম” জনাইছে। এনে এখন আইন আগতে হোৱা উচিত আছিল। নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণে দেশৰ মুছলমান সম্প্ৰদায়ক ক্ষতিগ্ৰস্ত নকৰে বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখ্য আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিছে। গৃহ মন্ত্ৰালয়ে ১১ মাৰ্চত ইয়াৰ নিয়মসমূহৰ বিষয়ে উল্লেখ কৰি অধিসূচনা জাৰি কৰে। দেশৰ বহু মুছলমান লোকৰ সংগঠনে আইন খনৰ বিৰোধিতা কৰাৰ মাজতে সৰ্বভাৰতীয় মুছলিম জামাতে আইন খনক আদৰণি জনাইছে। সৰ্বভাৰতীয় মুছলিম জামাতৰ সভাপতিগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ পূৰ্বে ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হোৱা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ অ-মুছলমানসকলক নাগৰিকত্ব প্ৰদানৰ কোনো আইন নাছিল।

ই দেশৰ কোটি কোটি মুছলমানক ক্ষতিগ্ৰস্ত নকৰে। উল্লেখ্য লোকসভা নিৰ্বাচন ২০২৪ ঘোষণাৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাই আছিল।নাগৰিকত্ব সংশোধনী আইনে হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ অ-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে, যিসকলে ৩১ ডিচেম্বৰ, ২০১৪-ৰ আগতে ভাৰতত বসতি স্থাপন কৰিছিল। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত উৎপীড়নৰ সন্মুখীন হৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল। নাগৰিকত্ব সংশোধনী আইন ২০১৯ চনৰ ডিচেম্বৰ মাহত নানান বাদ-প্ৰতিবাদৰ মাজেৰে সংসদত গৃহীত কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিয়েও ইয়াত অনুমোদন লাভ কৰিছিল।

Leave A Reply