Breaking

সাংবাদিক পাৰভেজুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে চাপৰ MULTI MEDIA PRESS ক্লাৱৰ…

0 33

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমান আৰু নাই। কালি বিয়লি ৩.১২ মান বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে চাপৰ MULTI MEDIA PRESS ক্লাৱে।


যোৱা নিশা ১১:৩০ বজাত চাপৰ বজাৰত – চাপৰ multi media প্ৰেছ ক্লাৱৰ তৰফৰ পৰা প্ৰয়াত জেষ্ঠ সাংবাদিক গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় । কেইমাহমানৰ পৰা বিভিন্ন অসুস্থতাত ভূগি আছিল৷ কিছুদিন পূৰ্বে জ্যেষ্ঠ সাংবাদিকগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছিল৷ কিন্তু নিয়তিৰ ওচৰত হাৰ মানি মাথোঁ ৪৮ বছৰ বয়সত আজি তেওঁ চিৰদিনৰ বাবে বিদায় লয়৷ মৃত্যুৰ সময়ত তেওঁ ১২ বছৰীয়া একমাত্ৰ পুত্ৰ আৰু পত্নীক এৰি থৈ যায়। উল্লেখ্য যে ধুবুৰীৰ বিদ্যাপাৰাৰ বাসিন্দা পাৰভেজুৰ ৰহমানে ১৯৯৫ চনৰ পৰাই অসমৰ সংবাদ জগতৰ সৈতে জড়িত হৈ পৰিছিল।

দীৰ্ঘ এই কৰ্মকালত অসমৰ বহুকেইখন আগশাৰীৰ বাতৰি কাকতত ধুবুৰীৰ সাংবাদিকৰূপে কাম কৰা ৰহমানে শেহতীয়াকৈ ৰাজ্যৰ এটা চেটেলাইট চেনেলৰ সৈতেও জড়িত হৈছিল৷ চিকিৎসাধীন হোৱাৰ আগলৈ তেওঁ বৈদ্যুতিন সংবাদ গোষ্ঠীটোৰ ধুবুৰীৰ সাংবাদিকৰূপে কৰ্মৰত আছিল৷ বিভিন্ন সময়ত ভিন্নধৰ্মী আৰু সুকীয়া সংবাদেৰে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰয়াত সাংবাদিকগৰাকীৰ অকাল মৃত্যুত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ সংবাদ জগতৰ এক অপূৰণীয় ক্ষতি বুলিয়েই বিবেচিত হৈছে।

কেৱল স্থানীয় সংবাদ জগতক্ষেত্ৰতেই নহয়, পাৰভেজুৰ ৰহমানৰ এই আকস্মিক মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে ধুবুৰী জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ মাজতো।

Leave A Reply