Breaking

মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত ডাঙৰ চুক্তি; আই পি এলত ‘ নিজ ঘৰ’লৈ ঘূৰি আহিব নেকি হাৰ্দিক পাণ্ডিয়া?

0 104

১৯ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলাম । নিলামৰ আগতে কিছু ডাঙৰ খবৰ ওলাইছে । খবৰ অনুসৰি, গুজৰাট টাইটানছৰ বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ উভতি যাব । ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল হাৰ্দিকে । হাৰ্দিকৰ বাবে কিমান খৰচ কৰিব মুম্বাই ইণ্ডিয়ানে ?

এক সূত্ৰ মতে, এই বদলি সম্পূৰ্ণৰূপে নগদ ধনেৰে কৰা হ’ব । ইয়াৰ বাবে মুম্বাই ইণ্ডিয়ানছ দলে একালৰ চেম্পিয়ন গুজৰাট টাইটানছক ১৫ কোটি টকা দিব । যদিহে এই চুক্তি সফল হয়, তেন্তে ই সম্ভৱতঃ আই পি এলৰ ইতিহাসত আটাইতকৈ ডাঙৰ ‘প্লেয়াৰ ট্ৰেডিং’ হ’ব ।

অৱশ্যে দুয়োটা ফ্ৰেঞ্চাইজিয়ে এই সন্দৰ্ভত এতিয়াও কোনো ৰাজহুৱা বিবৃতি প্ৰকাশ কৰা নাই । আই পি এল ২০২৩ ৰ নিলামৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ হাতত মাত্ৰ ০.০৫ কোটি টকাহে বাকী আছিল । অনাগত নিলামৰ বাবে অতিৰিক্ত ৫ কোটি টকা লাভ কৰিব ফ্ৰেঞ্চাইজিয়ে । অৰ্থাৎ মুম্বাই ইণ্ডিয়ানছে হয়তো হাৰ্দিক পাণ্ডিয়াক দলত অন্তৰ্ভুক্ত কৰিবলৈ কিছুমান খেলুৱৈক এৰি দিব পাৰে । খেলুৱৈ পঞ্জীয়নৰ অন্তিম সময় ২৬ নবেম্বৰৰ সন্ধিয়া ৪ বজালৈ।

২০২২ চনত তেওঁৰ অধিনায়কত্বতে হাৰ্দিক পাণ্ডিয়াই গুজৰাট টাইটানছক অভিষেক ছিজনতে খিতাপ আনি দিছিল । ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ফাইনেলত হাৰ্দিক পাণ্ডিয়া ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত হয় । ২০২৩ চনত গুজৰাট টাইটানছ দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছিল । তাত তেওঁলোকে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছ আপ হয় ।

উল্লেখ্য যে এই দুয়োটা ছিজনতে হাৰ্দিকৰ নেতৃত্বত গুজৰাট টাইটানছে লীগ পৰ্যায়ত পইণ্ট তালিকাৰ শীৰ্ষত আছিল । গুজৰাট টাইটানছৰ হৈ হাৰ্দিক পাণ্ডিয়াই ৩০ টা ইনিংছত গড়ে ৪১.৬৫ ৰাণ সংগ্ৰহ কৰে । ১৩৩.৪৯ ষ্ট্ৰাইক ৰেটৰ সৈতে ৮৩৩ ৰাণ কৰিছিল । ইয়াৰ উপৰি তেওঁ ৪.১ ইকনমি ৰেটত ১১ টা উইকেট দখল কৰে । বৰ্তমান আহত অৱস্থাত আছে হাৰ্দিক পাণ্ডিয়া । ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপত তেওঁ মাত্ৰ চাৰিখন খেলহে খেলিবলৈ সক্ষম হৈছিল ।

Leave A Reply