Breaking

সংগীত শিল্পী বি প্ৰাকৰ অনুষ্ঠানত অঘটন! ১৭ জন আহত, নিহত এজন…

0 23

দিল্লীৰ কলকাজী মন্দিৰত বি প্ৰাকে সংগীত পৰিৱেশন কৰি থকাৰ সময়তে সংঘটিত হয় অঘটনৰ। এজনৰ মৃত্যু হয় আৰু ১৭ জনকৈ লোক আহত হয়। দুৰ্ঘটনাত মৃত্যু লোকগৰাকী এগৰাকী মহিলা। গায়ক বি প্ৰাকৰ গান শুনিবলৈ তাত উপস্থিত হৈছিল ১৫০০ৰো অধিক লোক। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই ঘটনাক লৈ শোক প্ৰকাশ কৰে গায়কগৰাকীয়ে। মাজনিশা ১:২০ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ সময়ত বৃহৎ সংখ্যক লোক মঞ্চত উঠিছিল, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। মঞ্চ ভাঙি পৰাৰ পিছত হুলস্থুলৰ সৃষ্টি হয়, যাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হয় আৰু বহু লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক এইমছ, চফদৰজং আৰু দিল্লীৰ মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গায়ক বি প্ৰাকে।

তেওঁ এই কাহিনীটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কয়, মই অতি হতাশ আৰু দুখী। যিসকল আঘাতপ্ৰাপ্ত হৈছে, আশা কৰিছো সকলোৱে সোনকালে সুস্থ হৈ উঠিব। প্ৰথমবাৰৰ বাবে মোৰ সন্মুখত এনে ঘটনা ঘটা দেখিলোঁ। ভৱিষ্যতে আমি বহুত সাৱধান হ’ব লাগিব। পৰিচালনাও অতি গুৰুত্বপূৰ্ণ। আমি শিশু আৰু বৃদ্ধৰ যত্ন লোৱা উচিত। জীৱনতকৈ ডাঙৰ একো নাই।

Leave A Reply