শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ” সংগীত সত্ৰৰ সপ্তম সমাৱৰ্তন “খন ২৩ অক্টোবৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হৈ যায় । সমাৱৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ , সংগীত নাটক অকাডেমি বঁটা প্ৰাপক , সংগীতাচাৰ্য যতীন গোস্বামী , ঘনকান্ত বৰা বৰবায়নকে ধৰি সত্ৰীয়া সংগীত ক্ষেত্ৰখনৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তি উপস্থিত থাকে । আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তত সংগীত সত্ৰৰ অধীনত থকা ভিন ভিন শিক্ষা প্ৰতিষ্ঠানৰ গুণীন উপাধিধাৰী শিক্ষাৰ্থী সকলক মানপত্ৰ , সম্বৰ্ধনা আৰু স্বীকৃতি প্ৰদান কৰা হয় । অনুষ্ঠানত গুৱাহাটীৰ আমবাৰীস্থিত পটেনচিয়েল এণ্ড কনচেপ্ট একাডেমীৰ একাদশ বর্ষত অধ্যয়নৰত ছাত্ৰী আৰু সত্ৰীয়া গুৰু নাৰায়ণ কলিতাৰ অধীনত শিক্ষা গ্ৰহণ কৰা আকাংক্ষা ভৰদ্বাজক গুণীন উপাধিধাৰী নৰ্তন সকলৰ মাজত বিশেষ স্থান লাভৰ স্বীকৃতি প্ৰদান কৰা হয় । উল্লেখযোগ্য যে আকাংক্ষা গুৱাহাটীৰ এক নং ৱাৰ্ডৰ পাণ্ডু শদিলাপুৰ নিবাসী , বিশ্বজিত বৰ্মন আৰু আল্পনা বৈশ্য বৰ্মনৰ কনিষ্ঠা কন্যা ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…