Breaking

১৫-২০ বছৰৰ পাছত মুছলমান মহিলা ভোটাৰে বিজেপিক ভোট দিব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 46

‘আপ কি আদালাত’ শ্ব’টোত ৰজত শৰ্মাৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মই ভৱিষ্যদ্বাণী কৰিছো, ১৫ৰ পৰা ২০ বছৰৰ পাছত প্ৰতিগৰাকী মুছলমান মহিলা ভোটাৰে বিজেপিক ভোট দিব, কাৰণ আমি ‘ট্ৰিপল তালাক’ বিলুপ্ত কৰিছো আৰু…আমি বহুবিবাহ নিশ্চয় নাইকিয়া কৰিম। আনকি মুছলমানসকলে ‘নবী’ বুলি শ্ৰদ্ধা কৰা হজৰত মহম্মদও একপত্নীৰ পক্ষত আছিল। বহুবিবাহৰ ক্ষেত্ৰত নবীয়ে কৈছিল যে বৰ্তমানৰ পত্নীৰ সন্মতি সাপেক্ষেহে এই কাম কৰিব পৰা যাব। আমাৰ সংবিধানত ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিত স্পষ্টকৈ কোৱা হৈছে যে আমি এখন উমৈহতীয়া নাগৰিক সংহিতা আনিব লাগে, যিটো আমি নিশ্চয় কাৰ্যকৰী কৰিম।”

ৰাজ্যখনৰ মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত অধিক ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁ মুছলমান সম্প্ৰদায়ৰ বাবে এক প্ৰগতিশীল পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। তেওঁ বিচাৰে মুছলমান যুৱক-যুৱতীসকলে আধুনিক শিক্ষা লাভ কৰক।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মই বিচাৰো মুছলমান যুৱক-যুৱতীসকলে আধুনিক শিক্ষা লাভ কৰক। যদিও তেওঁলোকৰ পৰিয়ালৰ কৰ্তব্য যে তেওঁলোকে কি শিক্ষা পায়, তথাপিও মই মুছলমান সম্প্ৰদায়ৰ বাবে এক প্ৰগতিশীল পৰিৱেশ ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰিছো।”

Leave A Reply