Breaking

মুছলমানসকলেই আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰেঃ মোদীৰ মন্তব্যৰ উত্তৰ দি ক’লে আছাদুদ্দিন ওৱাইচিয়ে

0 14

অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আৰু হায়দৰাবাদ লোকসভাৰ প্ৰাৰ্থী আছাদুদ্দিন ওৱাইচিয়ে মুছলমানৰ জনসংখ্যাকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ওৱাইচিয়ে এতিয়া কেৱল তেওঁৰ সমষ্টিতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে । শেহতীয়াকৈ এক নিৰ্বাচনী সভাত ওৱাইচিয়ে মুছলমানৰ জনসংখ্যা বৃদ্ধি সন্দৰ্ভত মন্তব্য কৰিছে। সভাক সম্বোধন কৰি ওৱাইচিয়ে বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ঘৃণাৰ দেৱাল নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় “মোদীয়ে এনে এটা ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে যে মুছলমানসকলে অধিক সন্তান জন্ম দিয়ে। মোদী চৰকাৰৰ তথ্য অনুসৰি, মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি হ্ৰাস পাইছে। মুছলমানসকলে আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰে,”।

এইবাৰ বিজেপিৰ মাধৱী লতাৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱা হায়দৰাবাদৰ সাংসদগৰাকীয়ে অভিযোগ কৰে যে মোদীয়ে হিন্দুসকলৰ মাজত ভয়ৰ পৰিবেশ ৰচনা কৰিছে। মোদীয়ে কৈ অহা মতে মুছলমানসকল ভাৰতৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায় হৈ পৰিব। ওৱাইছিয়ে কয়-আমাৰ ধৰ্ম বেলেগ কিন্তু আমি এই দেশৰেই নাগৰিক। মুছলমানসকলৰ সৰ্বাধিক প্ৰজনন হাৰ আছে বুলি মোদীয়ে কৰা দাবীক অস্বীকাৰ কৰি ওৱাইছিয়ে কয়- এয়া সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক বিপথে পৰিচালিত কৰাৰ এক চেষ্টা। ওৱাইচিয়ে তেওঁৰ শেহতীয়া মন্তব্যটো নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানত কৰা মন্তব্যৰ পিছত কৰিছে। ৰাজস্থানত মোদীয়ে দাবী কৰিছিল যে কংগ্ৰেছে মানুহৰ সোণ আৰু সম্পত্তি মুছলমানসকলক বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে। মোদীয়ে দাবী কৰিছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিল যে মুছলমানসকলক দেশৰ সম্পদৰ প্ৰথম অধিকাৰদিছে। মোদীয়ে কৈছিল যে কংগ্ৰেছে যদি ক্ষমতালৈ আহে, অধিক সন্তান থকা মুছলমানসকলৰ মাজত সাধাৰণ লোকৰ সম্পত্তি বিতৰণ কৰিব।

Leave A Reply