Breaking

‘মোৰ ছবি সদায় মনোৰঞ্জনেৰে ভৰপূৰ’! কাৰ্তিক আৰিয়ানে চলচ্চিত্ৰ জগতত ১২ বছৰ সম্পূৰ্ণ কৰিলে…

0 63

‘মোৰ ছবি সদায় মনোৰঞ্জনেৰে ভৰপূৰ’! কাৰ্তিকে কয় যে তেওঁ সকলো ধৰণৰ ছবি কৰাত বিশ্বাস কৰে। তেওঁৰ ছবি যিকোনো ধাৰাৰ হ’ব পাৰে, কিন্তু মনোৰঞ্জন থাকিবই। ২৯ জুনত কিয়াৰা আদৱানীৰ সৈতে পুনৰ ডাঙৰ পৰ্দাত উপস্থিত হ’ব কাৰ্তিক আৰিয়ান। আজিকালি কাৰ্তিক আৰিয়ানক নিজৰ সফলতাৰ দিশত অধিক পদক্ষেপ লোৱা দেখা গৈছে। তেওঁৰ কেৰিয়াৰ সেই পৰ্যায়ত আছে য’ত তেওঁ চলচ্চিত্ৰ জগতৰ নতুন দিশৰ অভিজ্ঞতা লাভ কৰিছে।কাৰ্তিক আৰিয়ানে চলচ্চিত্ৰ জগতত ১২ বছৰ সম্পূৰ্ণ কৰিলে। বহু ৰোমান্টিক-কমেডী ছবিৰে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ বিভিন্ন ধৰণৰ চলচ্চিত্ৰ যেনে মনোবিজ্ঞানসন্মত থ্ৰিলাৰ ফ্ৰেডী, হৰৰ-কমেডী ভূল ভুলাইয়া ২ আৰু থ্ৰিলাৰ-নাটক ধমাকা আদিত কাম কৰিছে। তেওঁ প্ৰতিখন ছবিৰে নিজকে প্ৰমাণ কৰিলে যে যিকোনো চৰিত্ৰৰ বাবে তেওঁ নিখুঁত।

এক বাৰ্তালাপত কাৰ্তিকে কয় যে তেওঁ সকলো ধৰণৰ ছবি কৰাত বিশ্বাস কৰে যদিও তেওঁ মাত্ৰ এটা কথা বিচাৰে যে ছবি মনোৰঞ্জনৰ দ্বাৰা ভৰপূৰ হ’ব লাগে। কাৰ্তিকে কয়, ‘মোৰ ছবিবোৰ সদায় মনোৰঞ্জন থাকিবই’।একে সময়তে কাৰ্তিকৰ মনত আছে তেওঁৰ কেৰিয়াৰৰ সংগ্ৰামৰ কথা। কাৰ্তিকে কয় যে ‘মোৰ প্ৰথমখন ছবি ‘পিয়াৰ কা পুঞ্চনামা’ কৰাৰ আগতে বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল মই। ‘সোনু কে টিটু কি ছুইটী’ৰ পিছত মই কিছু সফলতা পাইছিলোঁ। কাৰ্তিকৰ মতে, ‘পিয়াৰ কা পুঞ্চনামা’ৰ পৰা ‘সোণু কে টিতু কি ছুইটী’লৈকে সাতটা বছৰ তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সংগ্ৰাম আছিল।

Leave A Reply