Breaking

‘মোৰ খেল কংগ্ৰেছৰ লগত নহয়, এ আই ইউ ডি এফৰ লগত হে হ’ব’- সুৰেশ বৰা

0 17

ধিং সমষ্টিত সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ। শতাধিক দলীয় কৰ্মীলৈ বেচামাৰী আৰু মৈৰাধ্বজ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ক্ৰমে হিবজুৰ ৰহমান আৰু ইন্নছ আলী আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান। নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা বেচামাৰীত কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য। নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ কোনো ফেক্টৰেই নহয় বুলি উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এ আই ইউ ডি এফৰ লগত মুল প্ৰতিদ্বন্দিতা হ’ব বুলি উল্লেখ কৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই।

ধিঙৰ বেচামাৰী বজাৰত ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰে সুৰেশ বৰাই। এ আই ইউ ডি এফৰ দুৰ্গ হিচাপে পৰিচিত বৃহত্তৰ বেচামাৰী অঞ্চলৰ সংখ্যালঘু ৰাইজেও বিশেষকৈ মহিলা সকলে বিপুল সহাৰি দিয়া পৰিলক্ষিত হৈছে।
প্ৰাৰ্থীগৰাকীক সংগ দিয়ে ধিং মণ্ডলৰ সভাপতি দীপক শইকীয়া, মণ্ডল প্ৰভাৰী অমৰজিত গোস্বামী, জিলা সম্পাদক জিতু বৰা, সাধাৰণ সম্পাদক মুস্তাফা কামাল, সম্পাদক জিয়াবুৰ ৰহমানকে আদি কৰি বিভিন্ন বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলে। ।

Leave A Reply