Breaking

“মোৰ ইনিংছ শেষ হ’ব পাৰে…” সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিলে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে

0 81

সকলোকে আচৰিত কৰি আজি কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিলে। ছত্তীশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ছোনিয়া গান্ধীয়ে অৱসৰৰ ইংগিত দি দলটোৰৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে কয়, “মোক আটাইতকৈ বেছি সন্তুষ্ট কৰা কথাটো হ’ল এয়াই যে মোৰ যাত্ৰা ভাৰত জোড়ো যাত্ৰাৰ সৈতেই সমাপ্ত হ’ব পাৰে।”

ৰায়পুৰ অধিৱেশনত উপস্থিত থকা এআইচিচিৰ ১৫,০০০ প্ৰতিনিধিক সম্বোধন কৰি ছোনিয়াই তেওঁৰ পুত্ৰ ৰাহুলৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰাৰ প্ৰশংসা কৰে।

“ভাৰত জোড়ো যাত্ৰা দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট। এই যাত্ৰাই প্ৰমাণ কৰিছে যে ভাৰতৰ জনসাধাৰণে সম্প্ৰীতি, সহিষ্ণুতা আৰু সমতা বিচাৰে। বিজেপিয়ে সংখ্যালঘু, দলিত, আদিবাসী আৰু মহিলাৰ বিৰুদ্ধে ঘৃণাৰ জুই বিয়পাই আছে৷”

ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনা ৰাষ্ট্ৰীয় পৰ্যায়ত সমভাবাপন্ন দলসমূহৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। শুকুৰবাৰে অধিৱেশনৰ প্ৰথম দিনা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি শীৰ্ষ নেতৃত্বই দলিত, অ’বিচি, আদিবাসী, সংখ্যালঘু, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে দলৰ সৰ্বোচ্চ সংস্থা – কংগ্ৰেছ ৱৰ্কিং কমিটিৰ আধা পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়।

ফলস্বৰূপে, এই অধিৱেশনত কাৰ্যকৰী সমিতিৰ সদস্যপদৰ বাবে ভোটদানৰ কোনো সম্ভাৱনা নাই। উল্লেখ্য ছোনিয়া গান্ধীয়ে দীৰ্ঘকাল ধৰি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী হিচাবে দায়িত্ব চম্ভালিছিল।

Leave A Reply