Breaking

ম্যানমাৰৰ সেনাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জনপ্ৰতিৰক্ষা বাহিনীৰ শিবিৰত বিমান আক্ৰমণ চলাই…

0 55

যোৱা দুদিন ধৰি ম্যানমাৰৰ সেনাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জনপ্ৰতিৰক্ষা বাহিনীৰ অৰ্থাৎ পিপলছ ডিফেন্স ফৰ্চৰ শিবিৰত বিমান আক্ৰমণ চলাইছিল। যাৰ বাবে মণিপুৰ ফালৰ গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰে ।

প্ৰাপ্ত খবৰ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত অৱস্থিত পিডিএফৰ আত্মগোপন স্থান আৰু শিবিৰত ম্যানমাৰৰ সেনাই বিমান আক্ৰমণ অব্যাহত ৰাখিছে।

ম্যানমাৰৰ সেনাই ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী ওপৰ তামু জিলাত প্ৰতিৰোধ বাহিনীৰ আত্মগোপন স্থান আৰু শিবিৰত বিমান আক্ৰমণ চলায়।

ভাৰত-ম্যানমাৰ সীমান্তত থকা মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মৰেহৰ সীমান্তত শুকুৰবাৰে পুনৰ পুৱা প্ৰায় ৯ বজাত সীমান্ত স্তম্ভ ৮১ৰ সমীপৰ পিডিএফৰ আত্মগোপন স্থানত বোমা নিক্ষেপ কৰা হয়। এই আক্ৰমণত এজন পিডিএফ কেডাৰ নিহত হোৱাৰ লগতে আন তিনিজন আহত হোৱা বুলি জানিব পৰা গৈছে। আহত কেডাৰ এজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে মণিপুৰৰ মৰেহ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Leave A Reply