Breaking

হাৰিয়ানাত ৰহস্য জনক মৃত্যু উত্তৰ- পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ : হাতে হাতে প্লেকাৰ্ড লৈ‌ তীব্ৰ প্ৰতিবাদ

0 2,041

পুনৰ বহি: ৰাজ্যত ৰহস্য জনক মৃত্যু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতী । ” উই ৱান্ট জাষ্টিচ , ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্য জনক মৃত্যুৰ  বিচাৰ লাগে আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ  সাব্যস্ত  ভকতপাৰাত ।  প্ৰায় ৫ শতাধিক কিশোৰ – কিশোৰী , যুৱক -যুৱতী, পুৰুষ – মহিলাই ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ আত্মাৰ চিৰ শান্তি কামনাৰে দেওবাৰে সন্ধিয়া  বন্তি প্ৰজ্বলন কৰি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে বহি:ৰাজ্য হাৰিয়ানাৰ  এটা ব্যক্তিগত খণ্ডৰ  কোম্পানীত কৰ্মৰত থকাৰ  সময়তে ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱা নাগালেণ্ডৰ ডিমাপুৰৰ যুৱতী ৰুছে চাংমা আৰু চেমুয়েল চাংমাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ  তুলি দেওবাৰে নিশা   খাৰুপেটীয়াৰ  নিকটবৰ্তী ওদালগুৰি জিলাৰ  ভকতপাৰাত উক্ত  প্ৰতিবাদী কাৰ্যসুচী ৰুপায়ন কৰা হয় ৷ উল্লেখযোগ্য যে ৰুছে চাংমাৰ ভৰিত প্ৰচণ্ড বিষ অনুভৱ হোৱাত হাৰিয়ানাৰ গুৰগাও আলফা হস্পিটেলত  ভৰ্তি কৰা হয়  । আই চি ইউত থকা ৰুছে চাংমাক আইছক্ৰিম খোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰি চিকিৎসকৰ লগত তৰ্কাতৰ্কি কৰি ৰুমলৈ যায়  চেমুৱেল চাংমা  ।সেই নিশাই  ৰুমত চিপজৰী লোৱা   অৱস্থাত ৰহস্যজনক ভাৱে  উদ্ধাৰ হয় চেমুৱেল চাংমাৰ মৃতদেহ । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে ভকতপাৰা আঞ্চলিক  গাৰো  সন্থাই । উক্ত ৰহস্য জনক হত্যা কাণ্ডৰ বিৰুদ্ধে   ভকতপাৰা অঞ্চলৰ  প্ৰায় পাঁচ শতাধিক গাৰো পুৰুষ মহিলাই   তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি  চিবিআইৰ দ্বাৰা তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত   হাতে হাতে প্লেকাৰ্ড ও মমবাতি  লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰে পৰিবেশ । লগতে  ভোক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়  ভকতপাৰা আঞ্চলিক গাৰো সন্থাৰ লুকেছ মাৰাক , নিচোলাছ চাংমা , কৰ্নেলিউছ চাংমা , আৰ্ছোন চাংমা , প্ৰকাশ মাৰাক , ক্ৰিছটোৰাজ মাৰাক আৰু ৰণে চাংমাই ।

Leave A Reply