Breaking

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু

0 139

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু।হোষ্টেলত শুই থকা অৱস্থাতে মৃত্যু হয় ছাত্রজনৰ। বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় ছাত্ৰগৰাকীৰ মৃতদেহ।

মৃত ছাত্রজনৰ নাম নীলোৎপল গগৈ বুলি জানিব পৰা গৈছে। পৰিৱেশ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্র আছিল নীলোৎপল। নীলোৎপলৰ ঘৰ তিনিচুকীয়াৰ ডুমডুমাত। চি ভি ৰমন ছাত্রাবাসৰ আৱাসী আছিল নীলোৎপল।

ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অৱশ্যে কি কাৰণে মৃত্যু হ’ল ছাত্ৰ গৰাকীৰ এয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Leave A Reply