Breaking

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ

0 2,027

নগাঁও চহৰৰ সমীপৰ চলচলি দলঙৰ ওচৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। এই ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি একাংশ লোকে হয়বৰগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে কালি বিয়লি প্ৰায় তিনি বজাত চলচলি দলঙৰ সমীপৰ এখন চেলুনৰ স্বত্বাধিকাৰী আনন্দ মোহন ঠাকুৰে চেলুনৰ সন্মুখতে থকা ৰোচন আলি নামৰ পাণ দোকানীৰ সৈতে কথা পাতি আছিল। কথা পাতি থকা অৱস্থাতেই হঠাৎ ঢলি পৰে আনন্দ মোহন ঠাকুৰ। লগে লগে আনন্দ মোহনৰ জেষ্ঠ ভ্ৰাতৃ স্বভাষ ঠাকুৰে আনন্দক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনন্দৰ এই মৃত্যুক পৰিয়ালৰ লোকে  সহজভাৱে ল’ব পৰা নাই।  আনন্দ মোহনৰ মৃত্যুক হত্যাকাণ্ড বলি অভিযোগ উত্থাপন কৰি শতাধিক লোকে হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে আনন্দ মোহন ঠাকুৰক পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি অভিযোগ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই।

ইতিমধ্যে এই সন্দৰ্ভত আনন্দ মোহন ঠাকুৰৰ ভ্ৰাতৃ স্বভাষ ঠাকুৰে আজি হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দখল কৰি তেওঁ ভ্ৰাতৃৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী জনাইছে। পাণ দোকানী ৰোচন আলিক অভিযুক্ত কৰি উল্লেখ কৰা হৈছে যে- আনন্দ মোহন ঠাকুৰৰ বুকুত এটা ফুটা পৰিলক্ষিত হৈছে। সেয়ে আনন্দ মোহন ঠাকুৰৰ মৃত্যুৰ ঘটনা পাণ দোকানী জনে সংঘটিত কৰিছে বুলি এজাহাৰত উল্লেখ কৰা হৈছে। আনহাতে হয়বৰগাঁও চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা একাংশ লোকে অভিযোগ কৰা মতে পাণ দোকানী জনে চিৰিঞ্জৰ জৰিয়তে আনন্দৰ দেহত বিষাক্ত দ্ৰব্য সুমুৱাই দিয়াৰ বাবে আনন্দৰ মৃত্যু হ’ল । আজি মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালৰ লোকক আৰক্ষীয়ে চমজাই দিয়ে।মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তইহে যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ তথ্য পোহৰলৈ অনাৰ সম্ভাৱনা আছে। যুৱক জনৰ মৃত্যুৰপ্ৰতিবাদত আজি নগাঁও চহৰৰ চেলুন ব্যৱসায়ীসকলে চেলুন সমূহ বন্ধ ৰাখে। জানিব পৰা মতে কালি এই ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰা ৰোচন আলি পলাতক অৱস্থাত আছে।

Leave A Reply