Breaking

নবীন বুঢ়াগোহাঞিৰ কবিতা-‘প্ৰাক্তন প্ৰেমিকাবোৰ বুঢ়ী হৈ গ’ল’

0 131

প্ৰস্তাৱনা:

প্ৰেম এক জৈৱিক উদ্যোগ
ৰঙা-নীলা-হালধীয়া বৰণ
এছাৰকণি মাৰে প্ৰত্যেক প্ৰেমিকক
কোনও নিপিন্ধাকৈ থাকিব পৰা নাই প্ৰেমৰ জিন্‌জিৰি
য’তেই মই নাথাকো মোৰ গাত আপোনা-আপুনি পৰেহি পখিলা!
তেতিয়া কোৱা হয় প্ৰেম হ’ব পাৰে কাৰোবাৰ লগত
বিশ্বাস কৰা ।

দৃশ্য:এক

প্ৰেম এক একান্ত ব্যক্তিগত ডায়েৰীৰএখিলা পাত
যাৰ নাম ৰখা হৈছিল ভালপোৱা
যি জৈৱিক অনুভূতিয়ে আন্দোলনৰ ঢৌ তুলে দেহৰ বাহিৰে -ভিতৰে
বহুতৰ মাজতো জিলিকি থাকে নিৰুদিষ্ট যেন অনুভৱ প্ৰথম দেখা-দেখি
এদিন প্ৰেমৰ নাৱত উঠি উটি-ভাঁহিছিলো
সপোনৰ পিছত সপোন কল্পনাৰ পিছত কল্পনা
আৰু যে কিমান কি নহৈছিল
থিক আছে ; থিক আছে ; মই তোমাক ভাল পাওঁ…উত্তৰ
উত্তৰ আহে ৷ প্ৰেমৰ উত্তৰ
উৎসাহী সজীৱ জীৱন প্ৰেমেৰে ভৰপূৰ

দৃশ্য:দুই

যৌৱনৰ দুৱাৰ দলিৰ পৰি উদ্‌যাপন কৰা প্ৰেমৰ উৎসৱত
মোৰ হৃদয়ৰ সমস্ত ভালপোৱাৰে মই যাক ভাল পাইছিলোঁ
যি মোৰ সৰ্বত্ত কৰ্মক্ষেত্ৰত প্ৰভাম্বিত কৰিছিল
যাৰ উষ্ম উশাহ-নিশাহত জীয়াই থাকো প্ৰতিনিয়ত
সাগৰৰ সম বহল হৃদয়ত বাঁহ সাঁজি সাঁজি
অশান্ত অনুভূতি যি জ্বলাইছিল বাৰম্বাৰ
অনেকৰ মাজত নথকা যাৰ সৌন্দৰ্যই মোহিত কৰিছিল
কোৱা হৈছিল ‘এওঁ মোৰ ‘ দুয়ো আগবাঢ়িম সময়ৰ পক্ষী ঘোৰাঁত উঠি
মুক্ত আকাশৰ দৰে মনৰ বুৰবুৰণি
বুকুত পিৰামিডৰ গম্বোজ৷

দৃশ্য:তিনি

কি যে ৰোমাণ্টিক কাৰবাৰ ! এগৰাকীৰ পিছত এগৰাকীৰ ভালপোৱা
যাৰ এষাৰ মৰমৰ মাত শুনাৰ পিছত এদিন জীৱন গতিশীল হৈছিল
যাৰ ৰূপ-লাৱণ্য যৌৱনে মন উতলা কৰাইছিল
যিমানবোৰ প্ৰেমিকাক যৌৱন-জীৱন উৎসৰ্গি ভাল পাইছিলোঁ
এতিয়া তেওঁলোক ৰূপৱতী-গুণৱতী হৈ থকা নাই
এতিয়া জহি খহি গৈছে দেহৰ ভংগীমা,কন্ঠৰ আৰ্দ্ৰতা
চকুৰ উজ্জ্বলতা, পিন্ধন-উৰণৰ খেলিমেলি
আৰু বহুতো কিবাকিবি…৷

দৃশ্য:চাৰি

মোৰ হৃদয়ৰ সমস্ত
ভালপোৱাৰে মই যাক ভাল পাইছিলো
মোৰ অনাড়ম্বৰ জীৱন-যাপন দেখিয়ে হবলা৷
মোৰ নষ্ট হৈ যাব ধৰা থুনুকা হৃদয় ভাঙিচিঙি
এদিন সামান্যতমো সহানুভূতি নেদেখুৱাকৈ আতঁৰি গুচি যায়
তেতিয়া মোৰ হৃদয় হৈ পৰে হিৰোশ্বিমা-নাগাচাকি
তেতিয়া মোক দি যায় পঞ্চাশ চনৰ ভূমিকম্পৰ জোকাৰণি
মোৰ গভীৰ ভালপোৱা হৈ পৰে নিৰৰ্থক কাৰচাজি
মই হৈ পৰো মৰ্মান্তিকভাবে স্বপ্নভংগ জৰ্জৰিত এক প্ৰেমিক

পৰিশেষ:

মোৰ হৃদয়ৰ সমস্ত ভালপোৱাৰে মই যাক ভাত পাইছিলো
পূৰ্ণিমিাৰ নিশা জোনৰ পোহৰৰ দৰে হৃদয়ত যাক লৈ ফুৰিছিলোঁ দিনে ৰাতি
শেৱালি বকুলৰ দৰে যি সুগন্ধই প্ৰেম মলমলাইছিল মোৰ জীৱন
এতিয়া হৃদয়প্ৰোথিত সকলো স্মৃতি যন্ত্ৰণাবিদ্ধ
সকলো প্ৰাক্তন প্ৰেয়সী এতিয়া বুঢ়ী হৈ গ’ল
বিশ্ব আপোন নিয়মৰ বাবে
এদিন সকলো প্ৰেম ভালপোৱা বুকুত সাৱটি পৃথিৱী এৰি গুচি যাব
প্ৰেম বৈ থাকিব ইতিহাস হ’ব মানুহৰ ভালপোৱা…৷

Leave A Reply