Breaking

নদুৱাৰ ব্লক কংগ্ৰেছ, এনএছইউআই, ইয়ং ব্ৰিগ্ৰেদৰ অশ্ৰুঅঞ্জলী অনুষ্ঠান

0 1,030

জামুগুৰিহাট, ২৭ নবেম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ দিনটোত জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত জননেতাগৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ জৰিয়তে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে চতিয়া সমষ্টি কংগ্ৰেছ দলৰ লগতে কেবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে ৷ নদুৱাৰ ব্লক কংগ্ৰেছ, এনএছইউআই, ইয়ং ব্ৰিগ্ৰেদৰ উদ্যোগত অনুষ্ঠিত এই অশ্ৰুঅঞ্জলী অনুষ্ঠানত উপস্থিত থাকে যুৱনেতা তথা উত্তৰ অসমৰ ৰাজ্যিক সমন্বয়ক দাদুল বৰকাকতী ৷ জনতাৰ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা কৰা দাদুল বৰকাকতীয়ে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক হেৰুৱাই মই পিতৃহাৰা হোৱাৰ দৰে অনুভৱ হৈছে ৷ প্ৰকৃতাৰ্থত আমি এগৰাকী জনহিতৈষী আৰু জাতীয়তাবাদী নেতাক হেৰুৱালো ৷ জামুগুৰিহাটৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যি অৱদান বিশেষকৈ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনাৰ প্ৰসাৰৰ দিশত তেখেতৰ যি অৱদান সেয়া জামুগুৰিহাটবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে ৷ যাৰবাবে আজি জামুগুৰিহাটবাসী যথেষ্ট মৰ্মাহত বুলিও উল্লেখ কৰে যুৱ নেতাগৰাকীয়ে ৷ সন্ধ্যা অনুষ্ঠিত অশ্ৰুঅঞ্জলি অনুষ্ঠানটোত সুন্দৰম সাংস্কৃতিক গোষ্ঠীৰ সভাপতি প্ৰদ্যুন্ন হাজৰিকা, বাঁমপন্থী নেতা বেণুধৰ হাজৰিকা, সুদৰ্শন সাংস্কৃতিক গোষ্ঠীৰ উপ সভাপতি নীলকমল,  এনএছইউআইৰ জিলা সভাপতি ময়ুৰ বৰুৱা, চতিয়া সমষ্টি এনএছইউআই সভাপতি ৰিপুন শইকীয়া, ইয়ং ব্ৰিগেদৰ সভাপতি প্ৰবিত্ৰ শইকীয়া, মহিলা সেৱা দলৰ সভানেত্ৰী ৰাণী শৰ্মা, মহিলা ব্ৰিগেদৰ চেনীমাই ৰাজখোৱা, চুমী দাস, নিভা হাজৰিকা, স্মৃতি হাজৰিকাকে ধৰি নদুৱাৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া আৰু অন্যান্য লোকসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

Leave A Reply