Breaking

নাগালেণ্ডক খৰাং পীড়িত ৰাজ্য হিচাপে ঘোষণা

0 2,478

খৰাঙে জুৰুলা কৰিব নেকি নাগালেণ্ডক কৃষিখণ্ড। খৰালী দিন সমাগত৷ তাৰ আগতেই নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক জাননীয়ে চিন্তিত কৰিছে ৰাজ্যৰ কৃষক সমাজক৷ নগালেণ্ড চৰকাৰে সমগ্ৰ ৰাজ্যখনক ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি ঘোষণা কৰিছে।

নগালেণ্ডত ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা এই বছৰৰ মাৰ্চলৈকে ছয় মাহৰ বাবে সমগ্ৰ ৰাজ্যখনত ‘মধ্যমীয়া ধৰণৰ খৰাং’ ঘোষণা কৰিছে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে। বৰষুণৰ অভাৱ আৰু শস্যৰ উৎপাদনৰ ওপৰত লক্ষ্য ৰাখি ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি বিবেচনা কৰে তথ্য আৰু জনসংযোগ বিভাগে৷ মঙলবাৰে তথ্য আৰু জনসম্পৰ্ক বিভাগে জাৰি কৰা এক চৰকাৰী বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে, ই সম্পূৰ্ণ প্ৰাকৃতিক দুৰ্যোগ, ইয়াৰ দ্বাৰা সংকটত পৰিব ৰাজ্যখনৰ সমগ্ৰ কৃষি ব্যৱস্থা৷ নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাই সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডি.ডি.এম.এ.) উপায়ুক্ত আৰু অধ্যক্ষসকলৰ পৰা তথ্যৰ ভিত্তিত জাৰি কৰে৷

কম আৰু স্বাভাৱিকতকৈ কম বৰষুণৰ বাবে খৰাং হৈ পৰে ৰাজ্যখনৰ কিছু অঞ্চল৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ ৰাজ্যখনত স্বাভাৱিক হাৰতকৈও কম বৃষ্টিপাত হৈছিল৷ যাৰ ফলত খৰাং হৈ পৰে বিগত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ৬মাহ খৰাঙৰ কৱলত পৰিব ৰাজ্যখন৷ এনএছডিএমএ জাৰি কৰা অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে।

Leave A Reply