Breaking

চুঙাজান ফটউ বস্তিত অসমীয়া লোকক মাৰপিট কৰা সন্দৰ্ভত দুজনক আটক নাগালেণ্ড আৰক্ষীৰ

0 90

ধনশিৰি মকুমাৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ ফটউ বস্তিত ৰাম কুমাৰ চেত্ৰী নামৰ এজন অসমীয়া লোকৰ ওপৰত আক্ৰমণ কৰা দুই নগা দুৰ্বৃত্তক আটক কৰিছে নিউলেণ্ড আৰক্ষীয়ে ৷

দুদিন পূৰ্বে ৰামকুমাৰ ছেত্ৰী নামৰ এজন অসমৰ লোকক দুই নগা যুৱকে গুৰুলা গুৰুলকৈ কৰিছিল প্ৰহাৰ ৷ তাৰ পিছতে ভুক্তভোগীৰ পত্নীয়ে নাগালেণ্ডৰ নিউলেণ্ড আৰক্ষীৰ থানাত গোচৰ তৰিছিল৷

উক্ত গোচৰৰ ভিত্তিত আজি দুই নগা দুৰ্বৃত্তক আটক কৰে নিউলেণ্ড আৰক্ষীয়ে৷


নাগালেণ্ড আৰক্ষীয়ে কিটোকা কিবা(২৩) আৰু টোকাপু জিমো (২৮)নিউলেণ্ডৰ আকিটো গাওঁৰ দুজনক আটক কৰিছে ৷

অন্যহাতে ধনশিৰি মহকুমা প্ৰশাসনৰ হৈ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈয়ে চি আৰ পি এফৰ সৈতে ঘটনাস্থলী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

Leave A Reply