Breaking

আইন শৃংখলাকলৈ উদ্বিগ্ন নগাঁৱৰ নাগৰিক , মহিলাক ঘৰৰ ভিতৰতে হত্যা ঘাতকৰূপী কৰ্মচাৰীৰ

0 93

নগাঁৱৰ  সাম্প্ৰতিক আইন শৃংখলাক লৈ যেন উদ্বিগ্ন পৰিছে নগাঁৱৰ নাগৰিক। সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ যেন উত্থাপন হৈছে প্ৰশ্ন।বিগত ডেৰ মাহত নগাঁও চহৰতে তিনিটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পুনৰ শনিবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এগৰাকী মহিলাক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰে ঘাতকৰূপী কৰ্মচাৰীয়ে।উল্লেখযোগ্য যে কালি শুভ মহালয়াক লৈ সকলো ব্যস্ত থকাৰ সময়তে নগাঁও চহৰৰ মাজমজিয়াতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। নগাঁও চহৰৰ ৰাজ মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীৰ পত্নী ৰুমী দত্তক সন্ধিয়া ঘৰৰ ভিতৰতে অতি নৃশংসভাৱে হত্যা কৰে। কালি সন্ধিয়া ডিঙি কটা, তেজেৰে লুতুৰি পুতুৰি অৱস্থাত  ৰুমী দত্ত মৃতদেহ উদ্ধাৰ হয়।

সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈয়েই মহিলা গৰাকীক হত্যাকাৰীয়ে ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰে ।অৱশ্যে  নিশাটোৰ ভিতৰতে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত ৰাজ মেডিকেলৰ পৰা বহিস্কাৰ কৰা কৰ্মচাৰী সুব্ৰত মজুমদাৰক নগাঁও আৰক্ষীয়ে আটক কৰে।ফাৰ্মাচীখনৰ পৰা উলিয়াই দিয়াৰ প্ৰতিশোধতে মহিলাগৰাকীক কৰ্মচাৰীজনে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।উল্লেখযোগ্য যে, বিগত ২৪ আগষ্টত নগাঁও চহৰৰ কবৰস্থানৰ সমীপত  আৰিয়ান লস্কৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। ড্ৰাগছৰ বাবেই বন্ধুৱে আৰিয়ান লস্কৰক হত্যা কৰাৰ অভিযোগ উঠিছিল। আৰিয়ান লস্কৰ হত্যাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে ১৩ ছেপ্টেম্বৰত নগাঁৱৰ হয়বৰগাঁৱত সংঘটিত হৈছিল আন এক নৃশংস হত্যাকাণ্ড।

ঘৰৰ ভিতৰতে এগৰাকী মহিলাক নৃশংসভাবে হত্যা কৰিছিল।শেহতীয়াকৈ পুনৰ কালি নিশা সংঘটিত হয় হত্যাকাণ্ড।তাৎপৰ্যপূৰ্ণ যে ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱত শেহতীয়াকৈ হত্যাকাণ্ডৰ দৰে অপৰাধো বৃদ্ধি পোৱাক লৈ আতংকিত হৈ পৰিছে নগাঁৱৰ সচেতন মহল।নগাঁও জিলাত ক্ৰমশঃ অপৰাধজনিত ঘটনা বৃদ্ধি পোৱা কাৰ্যই আৰক্ষী প্ৰশাসনৰ আইন শৃংখলা জনিত পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হোৱাটোকে সূচাইছে বুলি সচেতন মহলে মন্তব্য কৰিছে।

Leave A Reply