Breaking

কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে নগাঁও

0 2,052

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে নগাঁৱত এক উদুলী মুদুলী পৰিবেশৰ সৃষ্টি হয় । জিলাখনৰ বিভিন্ন নামঘৰ,সত্ৰ,মন্দিৰ আদিত কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে ।  নামঘৰ সত্ৰ মন্দিৰ আদিত পুৱাৰে পৰা গধুলিলৈকে ভকত বৈষ্ণৱ আয়তি সকল কৃষ্ণ ভক্তিত বুৰ যায় । বিশ্ব হিন্দু পৰিষদৰ নগাঁও নগৰ প্ৰখণ্ডৰ উদ্যোগত নগাঁও চহৰৰ কৃষ্ণ শ্ৰম শিৱ মন্দিৰ চৌহদত দিন যোৰা কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্ম উৎসৱ পালন কৰা হয় । পুৱা উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল গোস্বামীয়ে ধৰ্ম ধব্জা উত্তোলন কৰাৰ পিছত বঢ়পুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে শ্ৰীশ্ৰী মদ্ভাগৱত কাৰ্যসূচী শুভাৰম্ভ কৰে । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নগাঁও বিভাগৰ প্ৰচাৰক ৰাজেশ বৰাইকে বন্তি প্ৰজ্বলন কৰাৰ পিছত গো- পূজন কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে , দুপৰীয়া মহিলাৰ নাম কীৰ্তন অনুষ্ঠান মুকলি কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । অনুষ্ঠানতে শ্ৰীকৃষ্ণৰ নৃত্য প্ৰদৰ্শন কৰা হয় । বিয়লী অনুষ্ঠিত ধৰ্মালোচনী সভাত বিশ্ব হিন্দু পৰিষদৰ নেতা ব্ৰজেন কাকতি আৰু ব্ৰজজ্যোতি শৰ্মাই কৃষ্ণ দৰ্শনৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে । সন্ধ্যা পৰিষদৰ নগাঁও জিলা শাখাৰ সভাপতি দীপেন্দ্ৰ নাথ পাঠকে বন্তি প্ৰজ্বলন কৰে । নগাঁও প্ৰেছ ক্লাবৰ উদ্যোগতো নগাঁৱৰ সাংবাদিক সকলেও  শ্ৰীকৃষ্ণৰ জন্মষ্টোমী উৎসৱ পালন কৰে । এই উপলক্ষে অনুষ্ঠিত এক সম্বৰ্ন্ধনা অনুষ্ঠানত কভিড যোদ্ধা  ডা: জিয়াউদ্দিন আহমেদ , ডা: ক্ষীৰ কান্ত দাস আৰু ফটো সাংবাদিক আনোৱাৰ আলী হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই অংশ গ্ৰহণ কৰে ।নগাঁও প্ৰেছ ক্লাৱত নাম কীৰ্তনো অনুষ্ঠিত হয় । জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ হাতীচোঙৰ বিশিষ্ট সমাজসেৱী ডেভিড দাসৰ উদ্যোগত কুজীডাঁহ কমাৰচুকৰ বাসগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন হয়।তদুপলক্ষে সমাজকৰ্মী দাসৰ তৎপৰতাতে গঠন হোৱা নামতীদলে নাম পৰিবেশন কৰে।অনুষ্ঠানতে বেবেজীয়া পহৰা আৰক্ষী চকীৰ আৰক্ষী সহকৰী উপ পৰিদৰ্শক ঘন বৰা,কনিষ্টবল শংকৰমনি পাটৰ,মাকটুল হুছেইন,’দৈনিক অসম’ৰ নগাঁৱৰ সাংবাদিক চন্দনজ্যোতি বৰা,যুৱ নেতা ধ্ৰুৱ বৰদলৈক সমাজকৰ্মী ডেভিড দাসে সম্বৰ্ধনা জনায়।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমিত শ্ৰীশ্ৰী বটদ্ৰৱা থানত শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় । জিলা খনৰ ধিং,হাতীচোং,ৰহা,ডিমৌ,বেবেজীয়া , নগাঁও চহৰ,উৰিয়াগাও,পুৰনিগুদাম,চামগুৰি ,কলিয়াবৰ,চাপানালাৰ,দক্ষিণপাট আদিতো শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰা হয় । কভিড জনিত পৰিস্থিতিৰ বাবে এইবাৰ জিলাখনৰ কোনো স্থানত জন্মাষ্টমী উপলক্ষে  ভাওনা অনুষ্ঠিত নহল ।

Leave A Reply