Breaking

নগাঁৱত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদ : বহি: বিভাগ বৰ্জন কৰিলে চিকিৎসকে

0 522

হোজাই জিলাৰ ফুলতলি চিকিৎসালয়ত কভিড ৰোগীৰ চিকিৎসাত ব্যস্ত থকা এগৰাকী চিকিৎসক , স্বাস্থ্য কৰ্মীক নিৰ্মম ভাবে প্ৰহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্য খনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো বিভিন্ন দল সংগঠন গৰজি উঠিছে । আজি নগাঁও জিলাৰ চিকিৎসক সকলে চিকিৎসালয় সমূহৰ বহি: বিভাগত কৰ্মৰ পৰা বিৰত থাকে । অৱশ্যে কভিডৰ চিকিৎসা আৰু জৰুৰীকালীন চিকিৎসা সেৱা চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি অব্যাহত ৰাখে । চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে কালি লংকাৰ ফূলতলী চিকিৎসালয়ৰ ঘটনাৰ লগত জৰিত সকলো দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে । তদুপৰি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে । ভাৰতীয় চিকিৎসা সংস্থাৰ নগাঁও শাখাই কালি ফুলতলি চিকিৎসালয়ৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ লগতে স্বাস্থ্য কৰ্মীক দুস্কৃতিকাৰী দলে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দুস্কৃতিকাৰী দলক দৃষ্টান্ত মূলক শাস্তি বিহিবলৈ দাবী জনাইছে । সংস্থাৰ সভাপতি ডা: সৰ্বেশ্বৰ বৰা আৰু সম্পাদক ডা: পূৰ্নানন্দ বৰাই কঠোৰ শাস্তি নিদিলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে । অসম চিকিৎসা সেৱা সংস্থাৰ নগাঁও শাখাৰ সভাপতি ডা: ৰঞ্জন গোস্বামীয়ে  ফুলতলিৰ ঘটনাক তীব্ৰ গৰিহণা দিছে । গোস্বামীয়ে  ফুলতলি ঘটনাৰ লগত জৰিত সকলক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে । নগাঁও চৰকাৰী  পেঞ্চনাৰ সন্থাই কালি চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতি আৰু স্বাস্থ্য কৰ্মীক আক্ৰমনৰ ঘটনাক গৰিহনা দিছে । সন্থাৰ সভাপতি আবুল হুছেইন আৰু সম্পাদক জীৱ প্ৰসাদ  বৰকটকীয়ে এই ঘটনাৰ লগত জৰিত দোষী সকলক কঠোৰ শাস্তি বিহাৰ লগতে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে । নগাঁও জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰেমেশ্বৰ দাস , সদৌ নগাঁও জিলা ছাত্র সন্থা , অসম জাতীয়তাবাদী যুব পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনে ফুলতলি ঘটনাৰ লগত জৰিত সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাই । নগাঁও জিলা মেডিচিন ডীলাৰ এচ’ছিয়েশ্বনৰ সভাপতি জীৱন বনিক , সম্পাদক মনোৰঞ্জন বৰুৱাই কালি ফুলতলি চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক আক্ৰমণৰ ঘটনাক গৰিহনা দিয়াৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেকট বিচাৰ কৰিবলৈ চৰকাৰক দাবী জনায় ।

Leave A Reply