নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ এক বিশেষ নিৰ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোবা এটি অভিযানকাৰী দলে জিলাখনৰ জুৰীয়া মাহগুৰি অঞ্চলৰ পৰা দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি আজি দীৰ্ঘদিনৰ পৰি জুৰীয়া মাহগুৰি অঞ্চলত চিয়াজুল ইছলাম নামৰ এজন ব্যক্তিয়ে এই অবৈধ কাঠমিলৰ ব্যৱসায় চলাই আহিছিল ৷ অভিযানত বন বিভাগৰ কেইবাগৰাকী বন বিষয়া- বনকৰ্মী উপস্থিত থাকে ৷