নগাঁও চহৰৰ পানীগাঁও ছয়আলি নিবাসী তথা নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা গায়ত্ৰী ভৰালী বৰা (৪৩)ৰ কালি বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ভদ্ৰ,নম্ৰ, সৰবৰহী, অতি মেধাবী, ইংৰাজী বিভাগৰ প্ৰবক্তা গায়ত্ৰী ভৰালী বৰাৰ মৃত্যুৰ বাতৰি নগাঁৱত বিয়পি পৰাত সমগ্ৰ নগাঁও চহৰখনতে শোকৰ ছাঁ পৰিছে। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চতিয়ালত জন্মগ্ৰহণ কৰা গায়ত্ৰী ভৰালীয়ে হাটবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অধ্যয়ণ কৰাৰ পাছত কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু মৃত্যুৰ সময়লৈকে তেওঁ শিক্ষণ মহাবিদ্যালয়ত অধ্যাপনা কৰি আছিল।
‘
দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ বিগত কেইটামান দিন ধৰি গায়ত্ৰী ভৰালী অসুস্থ হৈ পৰাত চাৰিদিন পূৰ্বে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন কৰা হয় যদিও কালি বিয়লি তেওঁ মৃত্যুৰ লগত যুঁজি হাৰ মানিবলৈ বাধ্য হয়। আজি প্ৰবক্তা গৰাকীৰ মৃতদেহ পুৱা ভাগত নগাঁও শিক্ষণ মহাবিদ্যালয়লৈ অনাত সহকৰ্মী সহ বহুজনে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। জনপ্ৰিয় তথা মেধাৱী গায়ত্ৰী ভৰালীৰ অকাল মৃত্যুত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ, জিলা বিজেপিৰ সভাপতি অভিজিত নাথ, অগপ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্ত, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাকে ধৰি বহু সংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ স্বামী, এগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানসহ বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ যায়।

