Breaking

কোভিডত আক্ৰান্ত হৈ হায়দৰাবাদৰ চিকিৎসালয়ত মৃত্যুক সাবটিলে তিনি সন্তানৰ মাতৃ নগাঁৱৰ দিপ্তী হাজৰিকাই

0 2,014

দক্ষিণ ভাৰতৰ তেলেংগানাত বাস কৰা দিপ্তী হাজৰিকা(৪১) নামৰ এগৰাকী মহিলাই হায়দৰাবাদৰ এখন চিকিৎসায়ত কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয়। নগাঁৱৰ ৰণথলীৰ ধৰ্মেন্দ্ৰ হাজৰিকাৰ পত্নী তথা দুটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ মাতৃ দিপ্তী ৪ দিন ধৰি কোভিড–১৯ত  আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

জানিবপৰা মতে, বিগত বহুবছৰ ধৰি ধৰ্মেন্দ্ৰ হাজৰিকাই পত্নী দিপ্তী আৰু তিনি সন্তানৰ সৈতে তেলেংগানাত বাস কৰিছিল। আজিৰ পৰা ৫দিন পূৰ্বে ধৰ্মেন্দ্ৰ হাজৰিকাৰ পৰিয়ালটো জ্বৰ-কাঁহত ভুগি আছিল। তেলেংগানা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ধৰ্মেন্দ্ৰ আৰু দিপ্তীৰ দেহত কোভিড–১৯ৰ সংক্ৰমণ ধৰা পেলায়। দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাত চিকিৎসকে তেওঁলোকক হোম আইছ’লেচনত থকাৰ পৰামৰ্শ দিয়ে। কিন্তু শনিবাৰৰ দিনা দেওবাৰে বিয়লি দিপ্তীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ ঢাল খোৱাত তেওঁক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশেষত মঙলবাৰে নিশা চিকিৎসালয় কৰ্তৃপক্ষই দিপ্তী আৰু ইহসংসাৰত নাই বুলি পৰিয়ালক ফোনযোগে অৱগত কৰে।

ইপিনে দিপ্তীৰ স্বামী আৰু তিনি সন্তান কোৱাৰেণ্টাইন হৈ থকাৰ বাবে মাতৃক অন্তিম মুহুৰ্ততে চোৱাৰ সুযোগ নাপালে। পৰিয়ালৰ অনুপস্থিতিতেই দিপ্তীৰ অন্তিম সৎকাৰ কৰে তেলেংগানা প্ৰশাসনে। আজি পুৱা এই খবৰ লাভ কৰাৰ লগে লগে শোকত ভাগি পৰে নগাঁৱৰ ৰণথলীৰ ৰাইজ। উল্লেখযোগ্য যে, দিপ্তী তেলেংগানাৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।

Leave A Reply