Breaking

নগাঁও আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া নগাঁৱত পিস্তল সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ !ৰাইজক অপৰাধীক প্ৰশ্ৰয় দিয়াৰ পৰা বিৰত থাকিবলৈকো আহ্বান আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

0 2,086

নগাঁও আৰক্ষীয়ে আজি পুৱাৰ ভাগত অভিযান চলাই হয়বৰগাও আৰক্ষী চকীৰ অন্তৰ্গত কাটিমাৰিৰ পৰা হেৰইন সহ দুজন   ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আৰু হয়বৰগাও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পূলক কুমাৰৰ সহযোগত যোৱা আৰক্ষীৰ দলে এই অভিযান চলাইছিল । এই অভিযানত নগাঁও আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে গঠন কৰা ৰাইডাৰ স্কোৱাডে সক্ৰিয় ভূমিকা পালন কৰে। ইকবাল নামৰ মষ্ট ৱাটেন্ড  ড্ৰাগছ ব্যৱসায়ী টোৱে চনু ৰবি দাস নামৰ আন এটা অপৰাধীৰ সৈতে আত্মগোপন কৰি আছিল হেৰাপট্টিৰ এটা ঘৰত। আৰক্ষীৰ দলটোৱে সমগ্ৰ অঞ্চলটো ঘেৰি পুৱাৰে পৰা অভিযান চলাই ইকবালক এটা পইণ্ট ২২ পিষ্টল আৰু ১৪গ্ৰাম ব্ৰাউন ছুগাৰ সহ গ্ৰেপ্তাৰ কৰে।নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াই জনোৱা মতে , এক গোপন সুত্ৰৰ পম খেদি আমি ৰাইডাৰ স্কোৱাডক লগত লৈ এই অভিযান চলাইছিলো । অভিযানৰ সময়ত আমি কাটিমাৰিৰ ইকবাল হুছেইন (১৯) আৰু চুনু ৰবিদাস(৩৩) নামৰ দজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ লোকৰ পৰা ১৪ গ্ৰাম হেৰইন আৰু এটা হস্ত নিৰ্মিত পিস্তল আৰু কিছু পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰা হয় । আৰক্ষী বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশ মৰ্মে জিলাখনত অপৰাধ মূলক কাম কাজৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । জিলা আৰক্ষীয়ে গঠন কৰা ৰাইডাৰ স্কোৱাডে এই অভিযান সফল কৰি তোলাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে । উল্লেখ যে , নগাঁও আৰক্ষীয়ে জিলাখনত ড্ৰাগছ আৰু অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছ। নগাঁও আৰক্ষী অধীক্ষক হিচাবে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা নগাঁও জিলাত আৰক্ষীয়ে ড্ৰাগছ আৰু অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে । আজি ৯ দিনৰ ভিতৰত নগাঁও আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ সহ বহু কেইজনক লোকক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ইপিনে ইকবালক গ্ৰেপ্তাৰৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। আৰক্ষী অধীক্ষক গৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সেই অঞ্চলৰ ৰাইজক এনে অপৰাধীক প্ৰশ্ৰয় দিয়াৰ পৰা বিৰত থাকিবলৈকো আহ্বান জনাই।

Leave A Reply