Breaking

নগাঁও ৰাজীৱ ভৱনৰে আত্মীক সম্পৰ্ক আছিল তৰুণ গগৈৰ : গৰাকীহীন হৈ পৰিল নগাঁও ৰাজীৱ ভৱন

0 1,240

নগাঁও, ২৪নৱেম্বৰ : নগাঁও ৰাজীৱ ভৱনত বৰ্তমান মৰিশালিৰ নিস্তব্ধতা। কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ লগে লগে যেন গৰাকীহীন হৈ পৰিল নগাঁও ৰাজীৱ ভৱন। এসময়ত দেৱকান্ত বৰুৱাৰ সৈতে লগ লাগি নগাঁও ৰাজীৱ ভৱনতে কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিছিল সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। অসম আন্দোলনৰ পৰৱৰ্তী পৰ্য্যায়ত আৰু দেৱকান্ত বৰুৱাৰ বিয়োগৰ পিছত নগাঁও জিলা কংগ্ৰেছক পুনৰ শক্তিশালী কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে। একাধিকবাৰ কলিয়াবৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে সৰ্বদা কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ পৰা জিলা পৰ্য্যায়ৰ নেতৃত্বৰ সৈতে গঢ়ি তুলিছিল মধুৰ সম্পৰ্ক। ২০০১চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ আগলৈকে কলিয়াবৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰুণ গগৈৰ বিৰুদ্ধে কাহানিও দলৰ মজিয়াত কোনোধৰণৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হোৱা নাছিল। বৰ্তমান নগাঁও জিলা কংগ্ৰেছৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰা তপন শৰ্মাই আজি সংবাদ মাধ্যমক জনোৱা অনুসৰি, তেঁও অসম আন্দোলনৰ পৰৱৰ্তী পৰ্য্যায় আৰু আলফাৰ কংগ্ৰেছ বিৰোধী স্থিতিৰ সময়ত দলীয় কৰ্মীক কৰ্মত নিয়োজিত হ’বলৈ সাহস যোগাইছিল। মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পিছতো প্ৰয়াত তৰুণ গগৈৰ ভাতৃ দ্বীপ গগৈ আৰু তেঁওৰ পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল। সেয়ে মৃত্যুৰ সময়লৈকে নগাঁও ৰাজীৱ ভৱনৰে আত্মীক সম্পৰ্ক আছিল তৰুণ গগৈৰ।

Leave A Reply